চৰাইদেউ জিলাৰ বৌদ্ধসকলৰ প্ৰৱাৰণা তিথি পালন

চৰাইদেউ জিলাৰ বৌদ্ধ সকলৰ প্ৰৱাৰণা তিথি পালন

সোণাৰিৰ পৰা ঘন বৰা

বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ অন‍্যতম প্ৰধান উৎসৱ হ'ল "বৰ্ষাবাস" তিথি । বছৰৰ অন্তিম গুৰুত্বপূৰ্ণ তিনিমাহ পৱিত্ৰ দিন, যাক কোৱা হয় "বৰ্ষাবাস" । বৌদ্ধধৰ্মৰ লোকসকলে শাওণৰ পূৰ্ণিমাৰ পৰা আৰম্ভ কৰি শৰতৰ লক্ষ্মী পূৰ্ণিমাত অন্ত পেলাই "বৰ্ষাবাস" তিথি পালন কৰে ।

চৰাইদেউ জিলাৰ বৌদ্ধ সকলৰ প্ৰৱাৰণা তিথি পালন

চৰাইদেউ জিলাৰ ঔগুৰি শ‍্যামগাঁও, ৰহণ শ‍্যামগাঁও, দিচাং পানী শ‍্যামগাঁও, চলাপথাৰ আদিৰ লগতে বিভিন্ন প্ৰান্তৰ বৌদ্ধ ধৰ্মাৱলম্বী ৰাইজে উদ্‌যাপন কৰে "বৰ্ষাবাস" ।

চৰাইদেউ জিলাৰ বৌদ্ধ সকলৰ প্ৰৱাৰণা তিথি পালন

এই তিনি মাহত বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে নিজৰ মিতিৰ-কুটুম্বৰ ঘৰলৈ অহা-যোৱা নকৰে, বিয়া-বাৰু, সকাম আদি নাপাতে আৰু তেওঁলোকে উপবাসে থাকি নিজৰ গাঁওখনৰ সকলো ৰাইজৰ মংগলৰ হকে ধৰ্মীয় ৰীতি-নীতিৰ পৰম্পৰা ৰক্ষা কৰে ।

চৰাইদেউ জিলাৰ বৌদ্ধ সকলৰ প্ৰৱাৰণা তিথি পালন

এই বৰ্ষাবাস অন্ত পৰাত তেওঁলোকে বিহাৰত সেৱা-প্ৰাৰ্থনা কৰি ভিক্ষুৰ পৰা আশীৰ্বাদ লৈ এখন মুকলি পথাৰত গাঁওখনৰ, ওচৰ-চুবুৰীয়াৰ মংগলৰ কাৰণে আকাশলৈ সৰু-ডাঙৰ ৱানবুং (পুংফাই) উৰুৱাই অপায়-অমংগল দূৰ কৰি এক শান্তিৰ বাতাৱৰণ সমাজত প্ৰতিষ্ঠা কৰে ।

Your Comments