মৰিগাওঁ আৰক্ষীৰ সফলতা : ৮ চোৰৰ দলক আটক

মৰিগাওঁ আৰক্ষীৰ সফলতা : ৮ চোৰৰ দলক আটক

মৰিগাঁৱৰ পৰা জিতুমণি নাথ

মৰিগাঁও আৰক্ষীৰ অভিযানকালত এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয় ।  অভিযানত ৮জনীয়া চোৰৰ এটা গেং আৰক্ষীৰ জালত পৰে । আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰামতে, বুধবাৰে নিশা নেলী আৰক্ষীয়ে প্ৰথমে ৩ সন্দেহজনক যুৱকক আটক কৰাৰ পিছতেই সমগ্ৰ চোৰৰ দলটোৰ তথ্য পোহৰলৈ আহে ।

আৰক্ষীয়ে যুবককেইজনৰ কথা-বাৰ্তাত সন্দেহ ওপজাত তেওঁলোকক আটক কৰি জেৰা আৰম্ভ কৰাৰ লগে লগে প্ৰকৃত তথ্য লাভ কৰিবলৈ সক্ষম হয় । উক্ত তথ্যৰ ভিত্তিতে বকো, বশিষ্ঠ, গুৱাহাটী, সোণাপুৰ  বিৰুবাৰী, খাৰুপেটীয়া, মঙলদৈ, বিজনীকে ধৰি বিভিন্ন ঠাইৰ পৰা চুৰি কৰি অনা সামগ্ৰীসমূহ চোৰৰ দলটোৰ স্বীকাৰোক্তিৰ ভিত্তিতেই  গুৱাহাটীৰ এজন ব্যৱসায়ীৰ গুদামৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

মৰিগাঁও আৰক্ষীৰ সূত্ৰই সদৰী কৰা তথ্যমতে, চোৰৰ দলটোৰ পৰা ৪টা মোবাইল, টাৱাৰৰ ১৩টা বেটেৰীৰ লগতে বহুতো চুৰি সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে নগদ ৯০ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয় ।

মৰিগাওঁ আৰক্ষীৰ সফলতা : ৮ চোৰৰ দলক আটক

 আৰক্ষীৰ জালত পৰা চোৰকেইটা ক্ৰমে কাদম আলী (বকো), খাইবৰ আলী (নলবাৰী), নুৰ জামাল (বকো), মইদুল ইছলাম (বকো), গাজিবুৰ ৰহমান (শুৱালকুছি), জামাল আলী (চিৰাং), কায়েম আলী (চিৰাং) আৰু চাদ্দাম আলী (হাজো) ।

চোৰৰ দলটোৱে ব্যৱহাৰ কৰা এ এছ-০১ ডি এইচ-৪৫৭৬ নম্বৰৰ চিলেৰিঅ' আৰু এ এছ-২৫ চি চি-৫৬৮৫ নম্বৰৰ টাটা জেনন বাহন দুখন জব্দ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে এই চোৰৰ দলটোৱে অসমতে নহয় মেঘালয় আদি ৰাজ্যতো চুৰিকাৰ্য সংঘটিত কৰি অৱশেষত ৰঙাঘৰৰ আলহী হ'বলগাত পৰে । তদুপৰি, চোৰাং ব্যৱসায় চলাই থকা গুৱাহাটীৰ ব্যৱসায়জনৰ ওপৰত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ।

Your Comments