বুধবাৰে দিনৰ ২ বজাত গোপালপুৰৰ শিক্ষক ভৱনত গহপুৰ আঞ্চলিক মইনা পাৰিজাতৰ স্থায়ী সভাপতি সৰ্বেশ্বৰ বৰাৰ সভাপতিত্বত এখনি সাধাৰণ সভা অনুষ্ঠিত হয় ।
উক্ত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে গহপুৰ জিলা সম্পাদক বসন্ত কৃষ্ণ বৰাই । সভাৰ আলোচ্য বিষয় আছিল গহপুৰ জিলা প্ৰথম দ্বি-বাৰ্ষিক সমাৰোহখনি অনুষ্ঠিত কৰা ।
উক্ত সভাৰ আলোচনামৰ্মে গহপুৰ জিলা শিশু সমাৰোহখনি গোপালপুৰ নেহেৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত অনুস্থিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
সমাৰোহখনি চলাই নিবৰ বাবে সভাপতি মিনেশ্বৰ বৰা, কাৰ্যকৰী সম্পাদক লক্ষী ভূঞা, উপ-সভাপতি শংকৰ হাজৰিকা, পবিত্ৰ হাজৰিকা, লীলাধৰ বৰুৱা, সাধাৰণ সম্পাদক জিতু শইকীয়া, সম্পাদক নৱজিৎ নেওগ, সহ-সম্পাদক নিলোৎপল, খাদ্য বিভাগৰ সভাপতি দিলীপ মেচি,
সম্পাদক বিপিন নেওগ, শিবিৰ পৰিচালনা সমিতিৰ সভাপতি বিমল ভূঞা, সম্পাদক মৃদুল মুদৈ, স্মৃতিগ্ৰন্থৰ সভাপতি ভূৱন চন্দ্ৰ বৰা, সম্পাদক জ্যোতি হাজৰিকা, সাংস্কৃতিক বিভাগৰ সভাপতি প্ৰফুল্ল হাজৰিকা, উপ-সভাপতি ধৰ্মেশ্বৰ বৰা, সম্পাদক ভবেন বৰা, খেল বিভাগৰ সভাপতি যতীন মুদৈ, সম্পাদক মনোজ শইকীয়া, সহ-সম্পাদক নাৰায়ণ ভূঞা কলৈ এখন আদৰণী সমিতি গঠন কৰা হয় ।
উল্লেখ্য যে উক্ত শিশু সমাৰোহখনি অহা ২৪, ২৫ আৰু ২৬ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব । সভাত উপস্থিত থাকে জিলা সভাপতি ৰামচন্দ্ৰ কটকী, সম্পাদক বসন্ত কৃষ্ণ বৰা, গহপুৰ মহকুমাৰ সম্পাদক তপন দত্ত আৰু খেল সম্পাদক পৰাশ শইকীয়া ।
এই সভাতেই গহপুৰ আঞ্চলিকৰ সভাপতি সৰ্বেশ্বৰ বৰাই ২০০০ হাজাৰ টকা আৰু জিলা সভাপতি ৰামচন্দ্ৰ কটকীয়ে ৫,০০০ হাজাৰ টকা শিশু সমাৰোহখনিৰ বাবে আগবঢ়ায় ।
- Log in to post comments
- 21 views