নগাঁও জিলা প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি

নগাঁও জিলা প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি

নগাঁৱৰ পৰা ৱাহিদুদ জামান

আগন্তুক দীপাৱলী আৰু ষঠ পূজাৰ সময়ত যাতে জিলাখনত শান্তি-সম্প্ৰীতি বিঘ্নিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি নগাঁৱৰ অতিৰিক্ত জিলা দণ্ডাধীশ লাচিত কুমাৰ দাসে ফৌজদাৰী কাৰ্ষবিধিৰ অধীনত ১৪৪ ধাৰা জাৰি কৰাৰ লগতে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে ।

এই অনুসৰি ফটকা উৎপাদন, বিক্ৰী বা ব্যৱহাৰ আৰু লগতে ইয়াৰ শব্দৰ পৰিমাণ ১২৫ DB(AI) বা ১৪৫ DB(C)তকৈ বেছি হ'ব নোৱাৰিব । ৰাতি ১০ বজাৰ পৰা পুৱা ৬ বজালৈ ফটকা ফুটাব নোৱাৰিব ।

চিকিৎসালয়, শিক্ষানুষ্ঠান, ধৰ্মীয় অনুষ্ঠান, পেট্ৰ'ল ডিপো আদিৰ পৰা ১০০ মিটাৰ ব্যৱধানৰ ভিতৰত ফটকা ফুটাব নোৱাৰিব । পথ বা পদপথত ফটকা ফুটাব নোৱাৰিব ।

এই আইন তৎকালীনভাৱে বলৱৎ হৈছে আৰু আইন অমান্যকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি এক বিবৃতিযোগে লাচিত কুমাৰ দাসে জানিবলৈ দিয়ে ।

Your Comments