ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ
হোজাই জিলাৰ ডবকাত মঙলবাৰে নিশা এজন যুৱকক আৰক্ষীয়ে এটি পিষ্টলসহ আটক কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ নিৰীহ যুৱকক আৰক্ষী আৰু এটা দালাল চক্ৰই আখেজমূলকভাৱে গ্ৰেপ্তাৰৰ বিৰুদ্ধে ওলাই আহে শতাধিক পুৰুষ-মহিলা ৷
বাতৰি অনুসৰি মঙলবাৰে নিশা ডবকা আৰক্ষী চক্ৰ পৰিদৰ্শক জিয়াউৰ ৰহমানে ডবকা ১০নং ৱাৰ্ডৰ বাসিন্ধা আজাদ হুছেইন নামৰ এজন যুৱকৰ ফাৰ্মাচীৰ পৰা এটি ৭.৬ পিষ্টলসহ আটক কৰি ডবকা থানালৈ লৈ আহে ৷
আজি পুৱাৰ ভাগত এই গ্ৰেপ্তাৰৰ খবৰ পোৱা মাত্ৰকে ৰাইজে ইয়াক ষড়যন্ত্ৰমূলক আখ্যা দি পাঁচ শতাধিক পুৰুষ-মহিলাই ডবকা আৰক্ষী থানা ঘেৰাও কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰতিবাদী ৰাইজৰ অভিযোগ অনুসৰি, ডবকা আৰক্ষী চক্ৰ পৰিদৰ্শকগৰাকীয়ে ডবকাত সক্ৰিয় হৈ থকা এটা দালাল চক্ৰৰ সৈতে মিলি এই যুৱকজনক ষড়যন্ত্ৰৰ বলি সজাইছে ৷
ব্যৱসায়িক সংঘাতৰ বাবে যুৱকজনক বলি সজোৱা বুলিও একাংশ লোকে অভিযোগ কৰে ৷ ইয়াতে ক্ষুব্ধ হৈ একাংশ লোকে ডবকা থানা ঘেৰাও কৰি যুৱকজনক বিনাচৰ্তে মুকলি কৰি দিবলৈ দাবী জনায় ৷ লগতে এই সমগ্ৰ ঘটনাৰ এক ন্যায়িক তদন্তৰো দাবী উত্থাপন কৰে ৷
- Log in to post comments
- 76 views