জুৰীয়াৰ পৰা উত্তম কুমাৰ বৰা
বনাঞ্চল সুৰক্ষাৰ বাবে দায়িত্ব দিয়া পৰিৱেশ উন্নয়ন সমিতিৰ এচাম পাবতগজা লোকৰ বাবেই এতিয়া অস্তিত্বৰ সংকটত কক্বকাই থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য দুখনে ।
এসময়ৰ এশিঙীয়া গঁড়ৰ বিচৰণ ভূমি লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্য দুখন গঁড়শূন্য হোৱাৰ পিছত ইয়াৰ মূল্যৱান গছসমূহো কাটি নিলে চোৰাং ব্যৱসায়ীয়ে ।
ফলত গড়শূন্য আৰু ক্ৰমশঃ গছশূন্য হ'বলৈ ধৰা অভয়াৰণ্য দুখনে অলপমান জীৱ-জন্তু আৰু কুৰিখনকৈ বিলক লৈ নিজৰ অস্তিত্ব বজাই ৰাখিছে যদিও অভয়াৰণ্য দুখনৰ সংৰক্ষিত বিলত বন বিভাগৰ আশীৰ্বাদপুষ্ট একাংশ লোকৰ দপ্দপনিয়ে বিল-জলাশয়সমূহত থকা মাছ-কাছ, বিভিন্ন প্ৰজাতিৰ চৰাইৰ প্ৰতিও ভাবুকি সৃষ্টি কৰি আহিছে ।
জীৱকুলৰ প্ৰতি অহা ভাবুকি আৰু অভয়াৰণ্য দুখনৰ সুৰক্ষাৰ বাবে বন বিভাগে স্থানীয় একাংশ লোকক লৈ বন সুৰক্ষা সমিতি গঠন কৰি দিছে যদিও এই সমিতিখনৰ একাংশ লোক এতিয়া ৰক্ষকেই ভক্ষকৰ ৰূপতহে অৱতীৰ্ণ হোৱাৰ অভিযোগ উঠিছে ।
বন বিভাগৰ আশীৰ্বাদপুষ্ট এইসকল লোকেই নিৰ্বিঘ্নে সংৰক্ষিত বিলত মাছ মাৰি থাকিলেও চকুমুদা কুলিৰ ভাও ধৰা বন বিভাগে আন একাংশ লোকৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা কঠোৰতাক লৈয়ে অভয়াৰণ্য দুখনত সৃষ্টি হৈ আহিছে সংঘাত ।
ফলত প্ৰতিবছৰে সংৰক্ষিত বিলত বিহ দিয়া, মাৰপিট সংঘটিত হোৱা ঘটনা বৃদ্ধি পাই আহিছে । শেহতীয়াকৈ যোৱা ২০ অক্টোবৰত লাওখোৱা সুঁতি নামৰ বিলখনত বিহ দি কেইবা লক্ষাধিক মাছ দুষ্কৃতিকাৰীয়ে নিধন কৰাৰ পিছত বন বিভাগে দুজন লোকক আটক কৰিছিল যদিও কি কাৰণত বন বিভাগে লোক দুজনক এৰি দিলে সেয়া ৰহস্যজনক ।
ইফালে সংৰক্ষিত বিলত বিহ দিয়াক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে যোৱা মঙলবাৰে মাছ বিক্ৰী কৰি পেট প্ৰৱৰ্তাই অহা একাংশ লোকক মাছ ক্ৰয় কৰি বিক্ৰীৰ বাবে নি থকা অৱস্থাত বন সুৰক্ষা সমিতিৰ সভাপতি আবুল হুছেইনৰ নেতৃত্বত একাংশ লোকে মাছ আৰু টকা-পইচা কাঢ়ি ৰখা ঘটনাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ।
বন সুৰক্ষাৰ নামত ব্যৱসায় কৰি অহা আবুল হুছেইন আৰু তেওঁৰ তথাকথিত বাহিনীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবীত শতাধিক ৰাইজে সুঁতিৰ পাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ।
- Log in to post comments
- 31 views