মাজুলীৰ পৰা ৰাজীৱ পাতিৰ
কাজিৰঙা বন বিভাগৰ নিৰাপত্তাক ভেঙুচালি কৰি এহাল গঁড় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি ব্ৰহ্মপুত্ৰৰ বিভিন্ন চাপৰিসমূহত বিচৰণ কৰাৰ পিছত আজি পুৱা ৬ বজাত মাজুলী আঁহতগুৰিৰ কংস চাপৰিত প্ৰৱেশ কৰি বৰ্তমান তাতেই বাহৰ পাতি আছে বুলি জানিব পৰা গৈছে ।
মাজুলীৰ বন বিভাগে সদৰী কৰামতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা অসম সম্পদ এশিঙীয়া গঁড়হাল বর্তমান আঁহতগুৰি গাঁও পঞ্চায়তৰ কাচিকটা গাঁৱৰ সমীপত থকা কংস চাপৰিত অৱস্থান কৰিছে ।
গঁড় দুটা যাতে কোনো দুষ্কৃতিকাৰীৰ হাতত পৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলাৰ বনকৰ্মী, বন্যপ্ৰাণী সংৰক্ষকৰ ১৩জনীয়া আৰু মাজুলীৰ ৪জনীয়া বনকৰ্মী দলসহ মুঠ সোতৰজনীয়া দলে ইতিমধ্যে কাঁচিকটাত বাহৰ পাতি গঁড় দুটাক নিৰীক্ষণ কৰি আছে বুলি জানিব পৰা গৈছে ।
গঁড় দুটাক চোৰাং চিকাৰীৰ পৰা নিৰাপত্তা দিবলৈ বন বিভাগ, বন্যপ্ৰাণী সংৰক্ষক আৰু আৰক্ষী সষ্টম হৈ পৰিছে । ইপিনে আজিৰ দিনটোত এফালে বন্যহস্তী আনফালে গঁড়ৰ মুক্ত বিচৰণে মাজুলীৰ বন বিভাগক বাৰুকৈয়ে বিপদত পেলাইছে ।
মাজুলীক জিলা ঘোষণা কৰা দুটা বছৰ অতিক্ৰম কৰিলে যদিও বিভিন্ন বন্যপ্ৰাণীৰ পৰা উদ্ভৱ হোৱা সমস্যাৰ মোকাবিলা কৰিব পৰাকৈ মাজুলীৰ বন বিভাগত প্ৰয়োজনীয় কৰ্মচাৰীৰ অভাৱ ঘটিছে ।
- Log in to post comments
- 10 views