দৌলাশালত ৪০সংখ্যক শ্ৰীশ্ৰী লক্ষ্মীপূজা : দিহানাম-বিয়ানাম-নৃত্য প্ৰতিযোগিতাৰে বৰ্ণাঢ্য আয়োজন

দৌলাশালত ৪০সংখ্যক শ্ৰীশ্ৰী লক্ষ্মীপূজা : দিহানাম-বিয়ানাম-নৃত্য প্ৰতিযোগিতাৰে বৰ্ণাঢ্য আয়োজন

চেঙাৰ পৰা সুৰজিৎ পাঠক

ৰাজ্যখনৰ আন আন প্ৰান্তৰ দৰে নলবাৰী জিলাৰ দৌলাশালতো কাইলৈৰ পৰা আৰম্ভ হ'ব ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা-অৰ্চনাৰে  শ্ৰীশ্ৰী লক্ষ্মীপূজা মহোৎসৱ ।

২৪ আৰু ২৫ অক্টোবৰত দুদিনীয়া ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰে আয়োজন কৰা ৪০সংখ্যক লক্ষ্মীপূজাৰ কাইলৈ পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰিব লক্ষ্মীপূজা সমিতিৰ সভাপতি খগেন ডেকাই ।

বন্তি প্ৰজ্বলন কৰিব ফনেন্দ্ৰ নাথে আৰু ছহিদ তৰ্পণ কৰিব নৰেন্দ্ৰ ঠাকুৰীয়াই । বৃক্ষৰোপণ কৰিব গিৰিণ বৰুৱা আৰু শনিয়া ৰাম বৈশ্যই । আবেলি ভেশচন প্ৰতিযোগিতা । সন্ধিয়া প্ৰতিমা লৈ গাঁও পৰিভ্ৰমণ আৰু স্থাপনৰ পিছতে আৰতি, ওজাপালি বন্দনাৰে হোমযজ্ঞ, পূজা-অৰ্চনা আৰম্ভ হ'ব ।

নিশা পাঠশালা পুঠিমাৰীৰ ধনজিৎ কলিতাৰ নাগাৰ নাম পৰিৱেশন কৰা হ'ব । ২৫ অক্টোবৰ পুৱা লক্ষ্মী চৰিত পাঠ, নাম-প্ৰসংগৰ উপৰি আবেলিৰ পৰা আৰম্ভ হ'ব বিয়ানাম, দিহানাম আৰু নৃত্য প্ৰতিযোগিতা ।

সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ আয়জনো কৰিছে বুলি জানিবলৈ দি প্ৰতিটো কাৰ্যসূচীতে সৰ্বস্তৰৰ ৰাইজৰ উপস্থিতি কামনা কৰিছে পূজা সমিতিৰ সম্পাদক পংকজ নাথে ।
 

Your Comments