নগাঁৱত ব্লেক পয়জনৰ পুনৰ সন্ত্ৰাস : নীৰৱ আৰক্ষী প্ৰশাসন

নগাঁৱত ব্লেকপ্ৰ'য়জনৰ পুনৰ সন্ত্ৰাস : নিৰৱ আৰক্ষী প্ৰশাসন

নগাঁৱৰ পৰা ৱাহিদুদ জামান

নগাঁও চহৰত পুনৰ সন্ত্ৰাস আৰম্ভ কৰিছে ব্লেক পয়জনৰ নামৰ এটি সমাজবিৰোধী চক্ৰই । সমাজত অপসংস্কৃতিৰ সৃষ্টি কৰা, য'তে-ত'তে মাৰপিট কৰা, ড্ৰাগছ সেৱন কৰি অভিভাৱকসকলক সমাজৰ ওচৰত হেয় কৰাকে আদি কৰি চহৰখনৰ ৰাজপথত মটৰচাইকেলৰ ষ্টাণ্ট কৰি পথচাৰীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা এই চক্ৰটোৱে পুনৰ নগাঁৱত কাৰ্যকলাপ আৰম্ভ কৰা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে তিনি বছৰ পূৰ্বে নগাঁও চহৰৰ মিছন মাৰ্কেটত সন্ধিয়া ফুৰিবলৈ অহা তিনি যুৱকক বেয়াকৈ মাৰপিট কৰা আৰু এখন গাড়ী ভাঙি চূড়মাৰ কৰা ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই শেহতীয়াকৈ সক্ৰিয় হৈ পৰিছে ব্লেক পয়জন ।

সদ্যসমাপ্ত দুৰ্গোৎসবৰ সময়ছোৱাত আৰক্ষীৰ ব্যস্ততাৰ সুযোগ গ্ৰহণ কৰি ব্লেক পয়জনৰ যুৱকসকলে হয়বৰগাঁৱৰ বীণাপাণি মন্দিৰৰ সন্মুখত বিদ্যুৎ বৰা (২৯) নামৰ এজন যুৱকক বেয়াকৈ মাৰপিট কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, যোৱা ১৫ অক্টোবৰৰ দুৰ্গাপূজাৰ ষষ্ঠীৰ নিশা প্ৰায় ১০.৩০ বজাত বীণাপাণি মন্দিৰৰ সন্মুখৰ এখন পাণ দোকানত পাণ খাই থকা অৱস্থাত এখন ইন'ভা আৰু অন্যান্য গাড়ীত অহা প্ৰায় ২০/২২জনীয়া ব্লেক পয়জনৰ যুৱকসকলে বিদ্যুৎ বৰা নামৰ পানীগাঁও ছয়আলি ৰত্নপুৰৰ যুৱকজনক অতৰ্কিতে আক্ৰমণ কৰে ।

হাতত অস্ত্ৰ-শস্ত্ৰ লৈ অহা যুৱকৰ দলটোৱে বিদ্যুতক ইমানেই বেয়াকৈ মাৰপিট কৰে যে মুমূৰ্ষু অৱস্থাত পেলাই থৈ ঘটনাস্থলী ত্যাগ কৰে । পাছত তেওঁৰ আত্মীয়ই বিদ্যুতক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে আৰু চিকিৎসা সেৱা প্ৰদান কৰি ইটাচালি আৰক্ষী চকীত অভিযোগ দিয়ে ।

আৰক্ষীয়ে নিয়মমাফিক চিকিৎসা কৰায় আৰু গোচৰ ৰুজু কৰা হ'ব বুলি আশ্বাস দিয়ে । কিন্তু পাছত আৰক্ষীয়ে বুজাবুজি কৰিবলৈ বিদ্যুৎ বৰাক হেঁচা প্ৰয়োগ কৰে বুলি অভিযোগ উত্থাপিত হৈছে ।

আৰক্ষীয়ে অভিযুক্তসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবেই আজি এসপ্তাহ ধৰি এজনো অভিযুক্তক গ্ৰেপ্তাৰ অথবা আটক কৰিবলৈ সক্ষম নহ'ল । অভিযুক্তসকলৰ হৈ এটা শক্তিশালী চক্ৰই হেঁচা প্ৰয়োগ কৰাৰ বাবেই ই সম্ভৱ হৈ উঠিছে বুলি অভিযোগ উত্থাপিত হৈছে ।

যাৰবাবে অভিযুক্তসকলে বীৰদৰ্পে নগাঁও চহৰত ঘূৰি ফুৰিছে । জানিব পৰা মতে, বিগত চাৰি বছৰ পুৰ্বে পানীগাঁও ছয়আলিৰ এটা ছাগলী চুৰি ঘটনাৰ লগত জড়িত থকা জনৈক সাগৰ নামৰ যুৱকজনক স্থানীয় লোকে হাতেলোটে ধৰি মাৰপিট কৰিছিল ।

সেই মাৰপিটৰ সময়ত বিদ্যুৎ বৰাও আছিল । তাৰেই প্ৰতিশোধস্বৰূপে ১৫ অক্টোবৰৰ নিশা বিদ্যুৎ বৰাক সুযোগ বুজি সাগৰ বৰা নামৰ লক্ষীনগৰৰ যুৱকজনৰ নেতৃত্বত অহা দলটোৱে এই দৰে মাৰপিটৰ ঘটনা সংঘটিত কৰে ।

আৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে দপ্‌দপাই থকাৰ পাছতো ব্লেক পয়জনৰ যুৱকসকলে এনে অৰাজক পৰিস্থিতি সৃষ্টি কৰা কাৰ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এতিয়া নগাঁও আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব ।

Your Comments