কাইলৈৰ পৰা বঙাইগাঁৱত গ্ৰন্থ উৎসৱ আৰু জনগোষ্ঠীয় খাদ্যমেলা

কাইলৈৰ পৰা বঙাইগাঁৱত গ্ৰন্থ উৎসৱ আৰু জনগোষ্ঠীয় খাদ্যমেলা

বঙাইগাঁও গ্ৰন্থ উৎসৱ সমিতিৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত ২৪ অক্টোবৰৰ পৰা অহা ৩০ অক্টোবৰলৈ ৭দিনীয়া কাৰ্যসূচীৰে বঙাইগাঁও চহৰৰ গান্ধী ময়দানত এখন গ্ৰন্থ উৎসৱ আৰু ইয়াৰ সমান্তৰালভাৱে এখন জনগোষ্ঠীয় খাদ্যমেলা অনুষ্ঠিত হ'ব ৷

কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱাৰ ভাগত গ্ৰন্থ উৎসৱৰ পতাকা উত্তোলন কৰিব বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লক্ষীকান্ত ৰায়ে আৰু গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰিব ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী তথা স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীয়ে ৷ বন্তি প্ৰজ্বলন কৰিব জ্যেষ্ঠ নাগৰিক সুবোধ চৌধুৰীয়ে ৷ ইয়াৰ পিছতে অনুষ্ঠিত হ'ব মঞ্চ উদ্বোধনী অনুষ্ঠান ৷

কাইলৈৰ পৰা বঙাইগাঁৱত গ্ৰন্থ উৎসৱ আৰু জনগোষ্ঠীয় খাদ্যমেলা

অনুষ্ঠানত সাহিত্য অকাডেমি বঁটাপ্ৰাপক বিশিষ্ট গল্পকাৰ তথা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই মুখ্য অতিথি আৰু জিলা উপায়ুক্ত বাবুলাল শৰ্মাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ কথা ৷

সন্ধিয়া অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠান ৷ আনহাতে, ২৫ অক্টোবৰৰ আবেলি গীতালী বৰুৱাৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠান আৰু বাৰ্তালাপ অনুষ্ঠান অনুষ্ঠিত হ'ব ৷ বাৰ্তালাপ অনুষ্ঠানত বিশিষ্ট কবি নীলিম কুমাৰ, বিশিষ্ট গল্পকাৰ আৰু ঔপন্যাসিক প্ৰশান্ত কুমাৰ দাস, বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি আৰু বিশিষ্ট অনুবাদক বিবেকানন্দ চৌধুৰী নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব ৷

২৬ অক্টোবৰৰ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান, ২৭ অক্টোবৰৰ দুপৰীয়াৰ ভাগত কুইজ প্ৰতিযোগিতা আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান, ২৮ অক্টোবৰৰ পুৱাৰ ভাগত চিত্ৰাংকন আৰু দুপৰীয়াৰ ভাগত ৰচনা প্ৰতিযোগিতা তথা সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান, ২৯ অক্টোবৰৰ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আৰু ৩০ অক্টোবৰৰ শেষৰ দিনা সন্ধিয়া 'এজন কবিয়ে কৈছিল' শীৰ্ষক কবিতা, বক্তৃতা আৰু অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হ'ব ৷

অনুষ্ঠানত বিশিষ্ট কবি আৰু সাহিত্যিক হৰেকৃষ্ণ ডেকাই মুখ্য অতিথি আৰু বিশিষ্ট সমালোচক ডঃ বিভাষ চৌধুৰীয়ে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব বুলি উদ্যোক্তা সমিতিৰ সভাপতি কল্লোল দাস আৰু সম্পাদক বিদ্যুৎ চন্দ্ৰ ৰায়ে জানিবলৈ দিছে ৷

Your Comments