তিৱা স্বায়ত্তশাসিত পৰিষদৰ ৩ কাৰ্যবাহী সদস্যৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

তিৱা স্বায়ত্তশাসিত পৰিষদৰ ৩ কাৰ্যবাহী সদস্যৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

মৰিগাঁৱৰ পৰা জিতুমনি নাথ

তিৱা স্বায়ত্তশাসিত পৰিষদক অস্থিৰ কৰিব খোজাৰ অভিযোগত তিনি কাৰ্যবাহী সদস্যৰ বিৰুদ্ধে পৰিষদৰ ২০জনকৈ সদস্যই অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰাক লৈ তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে তিৱা স্বায়ত্তশাসিত পৰিষদত ।

তিৱা স্বায়ত্বশাসিত পৰিষদত বিৰোধীৰ ভূমিকা গ্ৰহণ কৰি অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হোৱা কাৰ্যবাহী সদস্যকেইজন হৈছে খগেন চন্দ্ৰ বৰদলৈ, ডিম্বেশ্বৰ বৰদলৈ আৰু বৃন্দাৱতী বৰদলৈ কোঁৱৰ ।

যোৱা ১ অক্টোবৰত পৰিষদৰ ২০জন নিৰ্বাচিত সদস্যই অনাস্থা প্ৰস্তাৱ দাখিল কৰিছিল তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাৰ ওচৰত । ইতিমধ্যে পৰিষদৰ সদস্যসকলৰ দাবীত সেও মানি তিৱা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাই অহা ২৬ অক্টোবৰত পৰিষদৰ এখন বিশেষ সাধাৰণ সভা অনুষ্ঠিত কৰা বুলি জানিব পৰা গৈছে ।

তিৱা পৰিষদ আইন ১৯৯৫ৰ বিধি ৯(১) অনুসৰি আহ্বান কৰা উক্ত সভাতেই তিনি কাৰ্যবাহী সদস্যই নিজৰ নিজৰ সংখ্যা গৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব । এই ক্ষেত্ৰত তিৱা পৰিষদৰ ৰাজনীতি কোন দিশে গতি কৰিব সেয়া হ'ব লক্ষণীয় ।

Your Comments