নগাঁৱৰ পৰা ৱাহিদুদ জামান
নগাঁও চহৰৰ সমীপৰ ননৈ আৰক্ষী চকীৰ অন্তৰ্গত খাটৰ গাঁৱত আজি সন্ধ্যা প্ৰায় ৭মান বজাত এক গুলীচালনাৰ ঘটনা সংঘটিত হয় । জানিব পৰামতে, গাঁৱখনৰ দ্বীপেন নাথ নামৰ লোকজনৰ ঘৰত আহি দুজনমান লোকে ঘৰৰ দুৱাৰ খুলিবলৈ কোৱাত নাথে দুৱাৰখন খোলাৰ লগে লগেই নিৰ্বিচাৰ গুলীচালনা কৰাত তেওঁ থিতাতে ঢলি পৰে ।
মুখত ক'লা কাপোৰ পৰিধান কৰা অস্ত্ৰধাৰী দুজনীয়া দুৰ্বৃত্তৰ দলটো মটৰচাইকেলেৰে আহি এই কাণ্ড সংঘটিত কৰে । দুৰ্বৃত্তৰ গুলীত নিহত লোকজন এগৰাকী অৱসৰপ্ৰাপ্ত সেনা জোৱান । স্থানীয় এক সূত্ৰে জনা মতে, ননৈৰ মাজেৰে পাৰ হৈ যোৱা ননৈ নদীৰ এটা মীন মহল নাথে আবণ্টন লাভ কৰিছিল আৰু এই মীন মহলক লৈ কোনো লোকৰ লগত সম্ভৱতঃ এক সংঘাত সৃষ্টি হৈছিল ।
যাৰ পৰিণতিত এই ঘটনা সংঘটিত হ'ব পাৰে বুলি স্থানীয় একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে । এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ উত্তেজনাময় পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে অঞ্চলবাসী আতংকিত হৈ পৰিছে ।
ইতিমধ্যে নগাঁৱৰ উচ্চ পদস্থ এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সমগ্ৰ অঞ্চল ঘেৰি ৰাখিছে । কোনো লোককে ঘটনাস্থলীত প্ৰৱেশ কৰিব দিয়া নাই ।
আনকি অপৰাধীক কৰায়ত্ত কৰাৰ বাবে আৰক্ষীয়ে ঘটনাস্থলীৰ চৌপাশে তালাচী অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈকে কোনো অপৰাধীক আটক কৰিবলৈ সক্ষম হোৱা নাই ।
উল্লেখ্য, কি কাৰণত দুৰ্বৃত্তই লোকজনক গুলীয়াই থৈ গ'ল, তাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই । এয়া এক পৰিকল্পিত ঘটনা নে আন কিবা সেয়া আৰক্ষীৰ সঠিক তদন্ততহে পৰৱৰ্তী সময়ত পোহৰলৈ আহিব ।
- Log in to post comments
- 35 views