বঙাইগাঁৱত অভিভাৱকহীন মহিলাৰ শেষকৃত্য সম্পন্ন কৰিলে গৰিয়া-মৰিয়াই

বঙাইগাঁৱত অভিভাৱকহীন মহিলাৰ শেষকৃত্য সম্পন্ন কৰিলে গৰিয়া-মৰিয়াই

বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সেৱা সঞ্চালকৰ কাৰ্যালয় চৌহদত থকা নেভাৰ্ড মানসিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা অভিভাৱকহীন মহিলা এগৰাকীৰ দেওবাৰে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ বঙাইগাঁও আঞ্চলিক সমিতিয়ে শেষকৃত্য সম্পন্ন কৰে ৷

উল্লেখ্য যে দীৰ্ঘদিন ধৰি চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা ইছলাম ধৰ্মাৱলম্বী মহিলাগৰাকীৰ শনিবাৰে মৃত্যু হয় ৷ পিছত চিকিৎসালয় কৰ্তৃপক্ষই সংগঠনটোৰ নেতৃবৰ্গৰ সৈতে যোগাযোগ কৰাত সংগঠনটোৰ কৰ্মীসকলে মহিলাগৰাকীৰ মৃতদেহটো দেওবাৰে উত্তৰ বঙাইগাঁওস্থিত কবৰস্থানত কবৰ দিয়াৰ ব্যৱস্থা কৰে ৷

Your Comments