বঙাইগাঁও জিলাত ১৪৪ ধাৰা জাৰি

বঙাইগাঁও জিলাত ১৪৪ ধাৰা জাৰি

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কাইলৈ ৰাজ্যৰ ৪৬টাকৈ জাতীয় সংগঠনে আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ আগমুহূৰ্তত হঠাতে আজি বঙাইগাঁও জিলা প্ৰশাসনে সমগ্ৰ জিলাখনতে ১৪৪ ধাৰা জাৰি কৰিছে ৷

জিলাখনত এই ১৪৪ ধাৰা জাৰি কৰা সন্দৰ্ভত বঙাইগাঁও জিলা তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ টোকাত উল্লেখ কৰামতে, বঙাইগাঁও জিলাত দল-সংগঠনৰ দ্বাৰা সঘনাই হৈ থকা ৰাজহুৱা সভা, ধৰ্ণা, সমদল, শোভাযাত্ৰা আদিৰ বাবে জিলা প্ৰশাসনে জনসাধাৰণৰ শান্তি ভংগ হোৱাৰ আশংকা কৰিছে ৷

আনহাতে, বিভিন্ন সংগঠনৰ দ্বাৰা চান্দা সংগ্ৰহৰ বাবেও জনসাধাৰণৰ শান্তি ভংগ হোৱাৰো আশংকা কৰিছে ৷ সেয়ে জিলাখনত শান্তি-শৃংখলা বজাই ৰখাৰ বাবে বঙাইগাঁও জিলাত নিষেধাজ্ঞা বলৱৎ কৰাৰ প্ৰয়োজন হোৱা বুলি জিলা প্ৰশাসনে সমগ্ৰ জিলাতে ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে ৷

বঙাইগাঁও জিলা দণ্ডাধীশ বাবুলাল শৰ্মাই জাৰি কৰা ১৪৪ ধাৰাৰ অধীনত এতিয়াৰে পৰা ৰাজহুৱা স্থানত ৫জন বা ততোধিক লোক একগোট হ'ব নোৱাৰিব ৷ যি কোনো সভা-শোভাযাত্ৰা, সমদল আদি পাতিব আৰু উলিয়াব নোৱাৰিব ৷

আগ্নেয়াস্ত্ৰ, দা-লাঠি, এচিড আদি কোনো লোকে লৈ ফুৰিব নোৱাৰিব ৷ ৰাইজ বা যান-বাহন আদিৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ কৰিব নোৱাৰিব ৷ সেইদৰে আৰক্ষী, অৰ্ধসামৰিক আৰু সামৰিক বাহিনীয়ে কৰ্তব্যৰ সময়ত পৰিধান কৰা পোছাক সাধাৰণ লোকে পৰিধান কৰিব নোৱাৰিব ৷

ইয়াৰ উপৰি জধেমধে কোনো লোকে উচ্চ স্বৰত মাইক বজাব নোৱাৰিব ৷ কোনো লোকে ধৰ্ণা, পথ অৱৰোধ আদি কৰিব নোৱাৰিব ৷ অৱশ্যে কৰ্তব্যৰত নিৰাপত্তা বাহিনী, আৰক্ষীৰ লোক,  চৰকাৰী কৰ্মচাৰী আদিক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে ৷

এই নিষেধাজ্ঞা সন্দৰ্ভত কাৰোবাৰ কিবা আপত্তি থাকিলে প্ৰশাসনক জনাব পাৰিব ৷ এই নিষেধাজ্ঞা ভংগ কৰিলে ১৮৮ ধাৰা কাৰ্যকৰী কৰা হ'ব বুলিও প্ৰেছ টোকাটোত উল্লেখ কৰা হৈছে ৷

Your Comments