ৰহাত খাদ্যত বিষক্ৰিয়া হৈ ১জনৰ মৃত্যু

নগাঁৱত খাদ্যত বিষক্ৰিয়া হৈ ১জনৰ মৃত্যু

জুৰীয়াৰ পৰা উত্তম কুমাৰ বৰা

ৰহাত খাদ্যত বিষক্ৰিয়া হৈ এজনৰ মৃত্যু ৷ নগাঁৱৰ ভোগেশ্বৰী ফুকননী সামৰিক চিকিৎসালয়ত মৃত্যুক সাৱটিলে আব্দুল মান্নানে ৷ হোটেলৰ পৰা চিঙৰা খাই ৰহাত অসুস্থ হয় মান্নানসহ হবিবুৰ ৰহমান, ইক্ৰামূল হুছেইন, ৰফিকুল ইছলাম ৷

ৰহাৰ অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয় নিৰ্মাণত  মিস্ত্ৰী হিচাপে কাম কৰি আছিল এইকেইজন লোকে ৷ ৰহাৰ এখন হোটেলৰ পৰা আনিছিল চিঙৰাখিনি ৷

খাদ্যত বিষক্ৰিয়া হোৱাৰ সন্দেহ ৷ শেহতীয়াকৈ আৰু এজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷
 

Your Comments