বাক্সা জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পথ অৱৰোধ

aa

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত তামুলপুৰত আজি বাক্সা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে । ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ ঘগ্ৰাচকত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অবড়ো সুৰক্ষা সমিতি, অগপ, কলিতা জনগোষ্ঠী সন্মিলন, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ ফেডাৰেচনকে ধৰি কেইবাটা দল-সংগঠনৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

প্ৰতিবাদকাৰীসকলে নৰেন্দ্ৰ মোদী মূর্দাবাদ, সৰ্বানন্দ সোনোৱাল মূর্দাবাদ, অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হুছিয়াৰ, আৰ এছ এছ হুছিয়াৰ আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । কাৰ্যসূচীৰ অন্তত প্ৰতিবাদকাৰীসকলে তামুলপুৰ মহকুমা প্ৰশাসনৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ।

Your Comments