আমগুৰিৰ সমাজ-ৰাজনীতিৰ লগত জড়িত বিশিষ্ট ব্যক্তি যোগেন গগৈৰ দেহাৱসান

আমগুৰিৰ সমাজ-ৰাজনীতিৰ লগত জড়িত বিশিষ্ট ব্যক্তি যোগেন গগৈৰ দেহাৱসান

অসম আন্দোলনৰ অগ্ৰণী কৰ্মী, আছু নেতা, আমগুৰি ক্ৰীড়া সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, অসম গণ পৰিষদ দলৰ নেতা, জিলা পৰিষদৰ সদস্য তথা আমগুৰিৰ সমাজ জীৱনলৈ বিশাল অৰিহণা যোগোৱা যোগেন গগৈ (৫৯)ৰ আজি ডিব্ৰুগড়স্থিত শংকৰদেৱ নাৰ্ছিং হোমত মৃত্যু হয় ৷

উল্লেখ্য যে শুকুৰবাৰে বাইক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ গগৈ চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছিল ৷ তেখেতৰ মৃত্যুত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদাপ হাজৰিকা, অগপ আমগুৰি সমষ্টি, সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অমূল্য গগৈ, আমগুৰি ক্ৰীড়া সন্থাকে ধৰি বিভিন্ন অনুষ্ঠানে-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে ৷

Your Comments