নগাঁৱৰ পৰা ৱাহিদুদ জামান
উওৰ-পূব শিশু গ্ৰন্থমেলা সমিতিৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত অহা ৩১ অক্টোবৰৰ পৰা নগাঁৱত অনুষ্ঠিত হ'বলগা উত্তৰ-পূব শিশু গ্ৰন্থমেলাৰ আজি আনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কৰা হয় ।
নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত নেহৰুবালিৰ প্ৰদীপ শইকীয়া ক্ষেত্ৰত আয়োজন কৰা এই গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কৰে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে । শতাধিক গ্ৰন্থপ্ৰেমীৰ লগতে গ্ৰন্থমেলা সমিতিৰ বিষয়ববীয়াসকলৰ উপস্থিতিত পুৰোহিতৰ মাঙ্গলিক মন্ত্ৰধ্বনিৰ পাছতে উপায়ুক্ত বিশ্বজিৎ পেগুৱে নাৰিকল ভাঙি গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপনেৰে কাৰ্যসূচীৰ পাতনি মেলে ।
লাইখুঁটা স্থাপন কৰি উপায়ুক্তগৰাকীয়ে কয়- গ্ৰন্থ অধ্যয়নৰ জৰিয়তে সমাজলৈ পোহৰ আনে । এই গ্ৰন্থমেলাৰ দ্বাৰা জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকল নিশ্চয়কৈ উপকৃত হ'ব পাৰিব । শিশুসকলে গ্ৰন্থৰ সুবাস ল'ব পাৰিব আৰু অধ্যয়নৰ এটা পৰিবেশ সৃষ্টি কৰিব পাৰিব ।
তেওঁ আৰু কয়- উক্ত গ্ৰন্থমেলালৈ অভিভাৱক-অভিভাৱিকাসকলে নিশ্চয়কৈ ৰুচিসম্পন্ন গ্ৰন্থসমূহ নিজৰ শিশুসকলৰ হাতত তুলি দিব । 'কিতাপ পঢ়ক জগত চিনক, কিতাপ পঢ়ক-জগত জিনক' শ্লোগানৰে নগাঁৱত অনুষ্ঠিত হ'ব উত্তৰ-পূব শিশু গ্ৰন্থমেলা- ২০১৮ ।
অহা ৩১ অক্টোবৰৰ পৰা ৭ নৱেম্বৰলৈকে অনুষ্ঠিতব্য উত্তৰ-পূব শিশু গ্ৰন্থমেলাখনত ৰাজ্যখনৰ লগতে দিল্লী, পশ্চিমবংগৰ বহুসংখ্যক গ্ৰন্থ প্ৰকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰিব । গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ "আলোকত যাত্ৰা" প্ৰকাশৰ লগতে গ্ৰন্থমেলাৰ দিনকেইটাত বিভিন্ন আলোচনা-চক্ৰ, কবি মেল, সুধাকন্ঠ ডঃ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, মুকলি কুইজ প্ৰতিযোগিতা, ছবিত ৰংসনা, চিত্ৰাংকন, কবিতা আবৃত্তি, সাধু কোৱা, শিশুৰ মুখত শুনি ভাললগা গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ।
প্ৰত্যেক দিনাই সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিব নগাঁৱৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে । গ্ৰন্থমেলা সমিতিৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই আঁতধৰা লাইখুঁটা স্থাপন অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা, অধ্যাপক প্ৰদীপ বৰা, বিজেপি কলিয়াবৰ জিলা সমিতিৰ সভাপতি অনিল শইকীয়া, ছাত্ৰ নেতা ৰাজনজ্যোতি বৰা, সাংবাদিক পলাশৰঞ্জন দাস, তপন কুমাৰ বৰা, জ্যোতিপ্ৰসাদ বৰা, সমাজকৰ্মী অৰ্পণা ভট্টাচাৰ্য, প্ৰণতি বৰা, ডাঃ মুকুট দেৱনাথকে ধৰি শতাধিক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।
- Log in to post comments
- 35 views