হোজাইত ৩ নৱেম্বৰত বুনিয়াদ নিৰ্মাণ আঁচনিৰ শুভাৰম্ভণি

হোজাইত ৩ নৱেম্বৰত বুনিয়াদ নিৰ্মাণ আঁচনিৰ শুভৰাম্ভণি

লংকাৰ পৰা মনোজ কুমাৰ পাঠক

হোজাই জিলাৰ লংকাত ভাৰতীয় জনতা পাৰ্টীৰ কৃষাণ মৰ্চাৰ উদ্যোগত ৩ নৱেম্বৰত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ বুনিয়াদ নিৰ্মাণ আঁচনিৰ শুভ আৰম্ভণি ৷ উক্ত শুভ আৰম্ভণি অনুষ্ঠানত উপস্হিত থাকিব অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতিৰ ৰঞ্জিত দাসৰ লগতে বিজেপিৰ কেন্দ্ৰীয় কৃষাণ মৰ্চাৰ এগৰাকী বিষয়ববীয়া ৷

উক্ত অনুষ্ঠানত হোজাই জিলাৰ প্ৰায় ২০০ হাজাৰ কৃষকে কৃষিৰ ক্ষেত্ৰত পোনপতীয়াকৈ বাৰ্তালাপ কৰিব পাৰিব ৰাজ্যৰ মুখ্য মন্ত্ৰী আৰু সভাত উপস্হিত থকা আন আন বিজেপিৰ কৃষাণ মৰ্চাৰ বিষয়ববীয়াৰ লগত ৷

আজি লংকাত উক্ত কথা সদৰী কৰে অসমৰ বিজেপি কৃষাণ মৰ্চাৰ উপ-সভাপতি সত্যৰঞ্জন বৰাই ৷ তেওঁ আৰু কয় যে মীন পালন, গো-পালন, হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ মৌ পালন আদি ক্ষেত্ৰত কৃষকসকলক প্ৰশিক্ষণ দিয়াৰ লগতে প্ৰয়োজন অনুসৰি বিভিন্ন চৰকাৰী আঁচনিৰ দ্বাৰা কৃষিৰ ক্ষেত্ৰত উন্নত কৰাই বজাৰত ফচল বিক্ৰী কৰালৈকে সকলো ক্ষেত্ৰত খেতিয়কসকলক আত্মনিৰ্ভৰশীল কৰাৰ ক্ষেত্ৰত এই আঁচনিৰ দ্বাৰা এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা হ'ব বুলি মত ব্যক্ত কৰে ৷

Your Comments