সোণাৰিত পথৰ আধাশিলা স্থাপন মন্ত্ৰী তপন কুমাৰ গগৈৰ

সোণাৰিত পথৰ আধাশিলা স্থাপন মন্ত্ৰী তপন কুমাৰ গগৈৰ

সোণাৰিৰ পৰা ঘন বৰা

অসম চৰকাৰ ৰাজ্যিক শক্তি আৰু গড়কাপ্তানী মন্ত্ৰী তথা সোণাৰিৰসমষ্টিৰ বিধায়ক তপন কুমাৰ গগৈয়ে সোণাৰিত তিনিটা পথৰ আধাশিলা স্থাপন কৰে ।

সমষ্টিটোৰ অধীনৰ ঐতিহাসিক ধোদৰ আলিৰ বানফেৰাৰ পৰা সৰুপথাৰলৈকে ১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা মেৰামতিৰ বাবে ৭ কোটি ৩৮ লাখ ৬৫ হাজাৰ টকা আবণ্টন দিয়ে ।

সোণাৰিত পথৰ আধাশিলা স্থাপন মন্ত্ৰী তপন কুমাৰ গগৈৰ

আনহাতে, সোণাৰি-মৰাণ সংযোগী পথৰ ভজো ৰে'ল ষ্টেচনলৈকে উন্নয়নৰ বাবদ ৩.৪৬ কোটি আৰু সোণাৰি নগৰৰ মন্দিৰ পথ উন্নয়নৰ বাবদ ২.৬৫ কোটি টকাৰ আবণ্টন দিয়ে ।

ইফালে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বৰ্তমান শাসনাধিষ্ঠিত চৰকাৰখনে অসমৰ চাহ বাগিচা এলেকাৰ পথসমুহ নিৰ্মাণ কৰিবৰ বাবে ৮.১৫ কোটি টকা মুকলি কৰিছে বুলি কোৱাৰ লগতে অসমৰ কাঠৰ দলংসমূহ পকীকৰণ কৰিব বুলি অৱগত কৰে ।

Your Comments