অসমৰ যুৱকৰ কেৰালাত কৰুণ মৃত্যু

অসমৰ যুৱকৰ কেৰালাত কৰুণ মৃত্যু

কেৰালাৰ নেটাছ আব্লা নামৰ মাছ কোম্পানীত কৰ্মৰত নীলাধৰ দাস নামৰ অসমৰ যুৱক এজনে কৰুণ মৃত্যুক সাৱটি ল'বলগা হৈছে ৷ ঘটনাৰ বিৱৰণী মতে, নীলাধৰে কৰ্মৰত অৱস্হাত আজিৰ পৰা এক সপ্তাহ আগতে এটা ওখ অট্টালিকাৰ ছাদৰ পৰা তললৈ পৰে ৷

অসমৰে কেইজনমান যুবকে তাৎক্ষণিকভাৱে ট্ৰিবান্দ্ৰম মেডিকেল কলেজত ভৰ্তি কৰায় যদিও চিকিৎসকে কেৱল কঁকালৰ চিকিৎসা কৰি চিকিৎসা সমাপ্ত কৰে ৷ শুকুৰবাৰলৈকে যুবকজনে বিছনাতে কেঁকাই-গোথাই থকাত অসমৰ উক্ত যুৱককেইজনে পুনৰ কেৰালা ইনষ্টিউট অব্‌ মেডিকেল ছায়েন্স নামৰ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও নিশা প্ৰায় ১১মান বজাত নাক আৰু মুখেৰে ৰক্ত ক্ষৰণ হৈ নীলাধৰ দাসে মৃত্যুক আঁকোৱালি লয় ৷

লক্ষণীয় বিষয় এয়ে যে মৃত্যুৰ ১২ ঘণ্টা সময় উকলি যোৱাৰ পিছতো নীলাধৰে কাম কৰা কোম্পানীৰ কোনো এজন লোকে পৰিয়ালৰ সৈতে যোগাযোগ নকৰাতো অতি ৰহস্যজনক কথা ৷

যাৰফলত পৰিয়ালৰ লোক ক্ষোভিত হৈ পৰিছে | আৰ্থিক দীনতাৰ বাবে পৰিয়ালৰ লোক কেৰালাত গৈ উপস্হিত হ'ব পৰা নাই | ইপিনে আজি কেৰালাত পোষ্টমৰ্টেম কৰা নীলাধৰৰ মৃতদেহ কেৰালাৰ পৰা অহা ২২ অক্টোবৰতহে অসমলৈ প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে ।

এই খবৰ শুনি পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চল শোকত ম্ৰিয়মাণ হৈ পৰিছে । অবিবাহিত একমাত্র পুত্রৰ মুখখন নেদেখি শোকত ভাগি পৰিছে বৃদ্ধ মাতৃগৰাকী । কালি নিশাই মৃত্যুক আঁকোৱালি লোৱা এই যুবকজনৰ মৃতদেহ অসমলৈ আহি পোৱাৰ বাবে ২২ অক্টোবৰলৈ কিয় অপেক্ষা কৰিবলগা হ'ল সেয়াও এতিয়া এক ডাঙৰ সাঁথৰ ৷ 

Your Comments