দিব্যাংগ শিল্পী লতিকা দাসৰ গীতে মোহাচ্ছন্ন কৰিলে বিজয়া দশমীৰ দৰ্শকক

দিব্যাংগ শিল্পী লতিকা দাসৰ গীতে মোহাচ্ছন্ন কৰিলে বিজয়া দশমীৰ দৰ্শকক

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱৰ ঐতিহ্যমণ্ডিত সোণাইপাৰৰ গৌৰীনাথ শিৱমন্দিৰতো এইবাৰ দুৰ্গোৎসৱৰ পাতনি মেলা হয় । লোকে লোকাৰণ্য হৈ পৰা সোণাইপাৰৰ বাকৰিত দশমীৰ দিনা সাংস্কৃতিক অনুষ্ঠানৰ সফল সামৰণিৰে নিজম পৰিল গৌৰীনাথ শিৱমন্দিৰ প্ৰাঙ্গণ ।

দশমীৰ শীতল নিশাত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰি আশীৰ্বাদ বুটলিবলৈ সক্ষম হল গুৱাহাটীৰ দিব্যাংগ শিল্পী লতিকা দাস । লতিকা দাসৰ লগতে অনুষ্ঠানত গীত পৰিৱেশন কৰে তুলিকা মহন্ত, যতীন জোনাকৰ লগতে বহুসংখ্যক শিল্পীয়ে ।

শৰতৰ সেমেকা নিশাকো নেওচি ৰাইজে একেৰাহে চাই ৰ'ল সংগীতানুষ্ঠান । আনহাতে, দেশৰ বিভিন্ন স্হানৰ পৰা নিজৰ কৰ্তব্যৰ বাবে অসমত থকা চি আৰ পি এফ জোৱানসকলেও গীতৰ তালে তালে সহযোগ কৰে ।

দেশমাতৃক ৰক্ষা কৰাৰ স্বাৰ্থত কৰ্মত নিয়োজিত জোৱানসকলক একোখনকৈ বিহুৱানেৰে সম্বৰ্ধনা জনায় আয়োজকসকলে ।

Your Comments