মৰিগাঁৱৰ পৰা জিতুমনি নাথ
গ্ৰাম্য ফুটবলক উৎসাহিত কৰিবলৈ বিগত বছৰৰ পৰা অনুষ্ঠিত হৈ অহা পীতৰাম নাথ-কেশেশ্বৰী দেৱী সোৱঁৰণি ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলত লাঠৈবৰী জনজাতি ফুটবল একাদশে চুড়ান্ত বিজয়ী সন্মান অৰ্জন কৰে ।
মৰিগাঁও জিলাৰ অতি ভিতৰুৱা অঞ্চল হাতীবাট খেলপথাৰত হাতীবাট প্ৰগতি যুৱক সংঘৰ উদ্যোগত চলি থকা এই ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত লাঠৈবৰী জনজাতি ফুটবল একাদশে চাৰিপুনীয়া ফুটবল একাদশক ৪-১ গ'লৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত বিজয়ী সন্মান অৰ্জন কৰে ।
তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনৰ প্ৰথমাৰ্ধত লাঠৈবৰী জনজাতি ফুটবল একাদশে ২-০ অগ্ৰগতি লোৱাৰ পিছত খেলৰ দ্বিতীয়াৰ্ধত উপৰ্যুপৰি আৰু ২ গ'ল দি ৪-০লৈ বৃদ্ধি কৰে । খেল সমাপ্তিলৈ কিছু সময় বাকী থকা অৱস্থাত এটা পেনাল্টি চাৰিপুনীয়াই কাৰ্যকৰী কৰি ব্যৱধান ৪-১লৈ হ্ৰাস কৰে ।
ভূৰবন্ধাৰ খণ্ড উন্নয়ন বিষয়া অতুল বৰুৱাই শুভাৰম্ভ কৰা প্ৰতিযোগিতাখনত জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি ৰমেন নাথ, সম্পাদক জিতু বৰদলৈ, খেল সম্পাদক অপূৰ্ব কুমাৰ বৰদলৈ, মৰিগাওঁ জিলা সাংবাদিক সংস্থাৰ সম্পাদক জিতুমণি নাথ, সাংবাদিক জগদীশ নাথ, প্ৰতিযোগিতাখনৰ দাতা ৰবীন্দ্ৰ মোহন নাথ, ডাঃ নিলোৎপল কাকতি, প্ৰবক্তা কমল ডেকাকে আদি কৰি ভালেকেইজন ব্যক্তিয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনৰ সামৰণী অনুষ্ঠানত শ্ৰেষ্ঠ খেলুৱৈৰ বটা প্ৰদান কৰে লাঠৈবৰী জনজাতি ফুটবল একাদশৰ খেলুৱৈ ৰাজা টিমুঙক ।
- Log in to post comments
- 12 views