সোণাইপাৰত পৰিৱেশিত হ'ল মহিলা ভাওনা "হৰিশ্চন্দ্ৰ পাল্লা" : উদুলি-মুদুলি গৌৰীনাথ শিৱমন্দিৰৰ বাকৰি

সোণাইপাৰত পৰিৱেশিত হ'ল মহিলা ভাওনা "হৰিশ্চন্দ্ৰ পাল্লা" : উদুলি-মুদুলি গৌৰীনাথ শিৱমন্দিৰৰ বাকৰি

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

বৰ্তমান সময়ত পুৰুষৰ লগতে সমানে আগবাঢ়িছে মহিলাসকলো । কোনো ক্ষেত্ৰতে যেন পিছপৰি ৰোৱা নাই মহিলাসকল । তাৰে এক নিদৰ্শন নগাঁৱৰ ঐতিহ্যমণ্ডিত সোণাইপাৰ গৌৰীনাথ মন্দিৰৰ দুৰ্গোৎসৱত অনুষ্ঠিত মহিলা ভাওনা "হৰিশ্চন্দ্ৰ পাল্লা"।

সোণাই নৈৰ বাকৰিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত দুৰ্গোৎসৱত মঙলবাৰে নিশা ৰাইডঙীয়া আঞ্চলিক পাৰিজাত মহিলা দলৰ দ্বাৰা অভিনীত হ'ল "হৰিশ্চন্দ্ৰ পাল্লা"। এই মহিলা ভাওনা চাবলৈ শতাধিক ৰাইজৰ পাৰভঙা উছাহ পৰিলক্ষিত হয় ।

শৰতৰ সেমেকা নিশাকো নেওচি সকলো ব্যস্ত হৈ পৰে ভাওনা চোৱাত । গৌৰীনাথ শিৱমন্দিৰৰ কাষেৰে বৈ যোৱা সোণাই নৈৰ পৰা প্ৰৱাহিত হোৱা হিমচেঁচা মলয়া বতাহজাকেও যেন গা লৰাব নোৱাৰিকে দৰ্শক ৰাইজৰ ।

হাতত ধনু-কাঁড় লৈ মঞ্চত ভাওনা পৰিৱেশন কৰিলে বিপুল প্ৰতিভাৰ সন্ধানী মহিলাসকলে । 

Your Comments