বিহু গ'ল, পূজা গ'ল- কিন্তু ডাক্তৰৰ ছুটি শেষ ন'হল । ৰোগীৰ মাজত হাহাকাৰ গৌৰীসাগৰৰ দিখৌমুখ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৷ বানবিধ্বস্ত বৃহত্তৰ দিখৌমুখ অঞ্চলৰ একমাত্ৰ স্বাস্থ্য কেন্দ্ৰত নাই স্হায়ী চিকিৎসক ।
বৰ্তমান যিজন চিকিৎসকে চিকিৎসা সেৱা আগবঢ়াই আছে তেখেতো পূজাৰ ছুটিত চিকিৎসালয়ত উপস্থিত নথকাত আজি পুৱাৰ ভাগতে চিকিৎসালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।
প্ৰায় কুৰিখন গাঁৱৰ একমাত্ৰ স্বাস্থ্য কেন্দ্ৰত ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাত স্থানীয় ৰাইজ তথা আছুৰ হস্তক্ষেপত মহকুমা চিকিৎসা বিষয়াগৰাকীয়ে বহু পলমকৈ এজন চিকিৎসক চিকিৎসালয়খনত নিয়োগ কৰাৰ পাছতহে পৰিস্থিতি কিছু শাম কাটে ।
লক্ষণীয়ভাৱে ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ সমান্তৰালভাৱে চিকিৎসালয়খনত চিকিৎসক তথা চিকিৎসাকৰ্মী নিয়মীয়াভাৱেই পলমকৈ উপস্থিত হোৱাৰ আভিযোগেৰে স্থানীয় ৰাইজে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷
পাছত গৌৰীসাগৰ আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি কিছু শাম কাটে । বানবিধ্বস্ত অঞ্চলটোৰ কুৰিখন গাঁৱক চিকিৎসা সেৱা আগবঢ়োৱা একমাত্ৰ চিকিৎসা কেন্দ্ৰটোত এজন স্থায়ী চিকিৎসক নিযুক্তি দিয়াৰো দাবী জনায় আঞ্চলবাসীয়ে ।
- Log in to post comments
- 51 views