জীয়া ভৰলীৰ বিধ্বস্ত দলঙক লৈ নীৰৱ ৰাষ্ট্ৰীয় পথ নিৰ্মাণকাৰী কৰ্তৃপক্ষ

 জীয়া ভৰলীৰ বিধ্বস্ত দলঙক লৈ নীৰৱ ৰাষ্ট্ৰীয় পথ নিৰ্মাণকাৰী কৰ্তৃপক্ষ

জামুগুৰিহাটৰ পৰা প্ৰণৱ জ্যোতি ভট্টাচাৰ্য

উত্তৰ অসমেৰে পথ যোগাযোগৰ মাধ্যম ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা জীয়া ভৰলী নৈৰ একমাত্ৰ দলংখন ক্ৰমাৎ দুৰ্বল হৈ পৰিছে ৷ বিভাগীয় মেৰামতিৰ অভাৱ আৰু উদাসীনতাৰ হেতুকে প্ৰায় তিনিশ মিটাৰ দৈৰ্ঘ্যৰ দলংখন সম্প্ৰতি বিধ্বস্ত হৈ পৰাত পদে পদে দুৰ্ঘটনাৰ আশংকা ঘনীভূত হৈছে ৷

 জীয়া ভৰলীৰ বিধ্বস্ত দলঙক লৈ নীৰৱ ৰাষ্ট্ৰীয় পথ নিৰ্মাণকাৰী কৰ্তৃপক্ষ

চীনা যুদ্ধৰ সময়ত ১৯৬২ চনতেই নিৰ্মাণ কৰা দলংখন ইতিমধ্যে অৰ্ধশতিকা পাৰ হোৱাত ইয়াৰ বাহন ক্ষমতাৰ ওপৰতো সন্দেহ ঘনীভূত হৈছে ৷ গতিকে সাধাৰণ ৰাইজে চৰকাৰক দলংখন শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী জনাইছে ৷ 

Your Comments