জুৰীয়াৰ পৰা উত্তম কুমাৰ বৰা
জুৰীয়াৰ খাটোৱালত বিদ্যুৎ বিভাগে স্থাপন কৰা নিম্ন মানদণ্ডৰ ১১ হেজাৰ ভ'ল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মাহদিয়েক পূৰ্বে ৬জনকৈ লোকে কৰুণ মৃত্যুক আঁকোৱালি লোৱা ঘটনাৰ শোকে সমগ্ৰ জুৰীয়াক শোকস্তব্ধ কৰি ৰখাৰ সময়তে আজি পুনৰ বিদ্যুতৰ পিভিচি তাঁৰ ছিগি জুৰীয়াৰ বগৰীগুৰিত দুজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হয় ।
গাঁওখনৰ আকবৰ আলী আৰু গুলজাৰ হুছেইন নামৰ লোক দুজনে ঘৰৰ পিছফালে বাঁহ কাটি থকা অৱস্থাত কাটি থকা বাঁহ ঘৰৰ ওপৰেদি যোৱা পিভিচি তাঁৰত পৰি ছিগি যোৱাত তাঁৰডাল পুখুৰীত পৰে ।
ছত দুয়োজনে পুখুৰীত পৰি থকা বাঁহডাল তোলাৰ চেষ্টা চলোৱাত দুয়োগৰাকী লোকৰ মৃত্যু হয় ।
- Log in to post comments
- 6 views