বঙাইগাঁৱতো দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনেৰে সামৰণি পৰিল দুৰ্গোৎসৱ

za

স়মগ্ৰ ৰাজ্যজুৰি আৰম্ভ হোৱা শাৰদীয় দুৰ্গোৎসৱৰ বঙাইগাঁৱতো আজি বিজয়া দশমীৰ দিনা প্ৰতিমা বিসৰ্জন পৰ্বৰ পিচত শান্তিপূৰ্ণভাৱে সমাপ্তি ঘটে ৷ বিজয়া দশমী উপলক্ষে চহৰখনৰ বঙাইগাঁও, উত্তৰ বঙাইগাঁও, নিউ বঙাইগাঁও আদি অঞ্চলত অনুষ্ঠিত হোৱা দুৰ্গোৎসৱৰ প্ৰতিমাসমূহ স্থানীয় প্ৰতিমা বিসৰ্জন ঘাটত বিসৰ্জন দিয়া হয় ৷ দেৱী দুৰ্গাৰ প্ৰতিমাসমূহ উত্তৰ বঙাইগাঁওস্থিত প্ৰতিমা বিসৰ্জন ঘাটৰ লগতে নিউ বঙাইগাঁৱৰ নৰ্থ- ইষ্ট কলনীৰ বিসৰ্জন ঘাট আৰু পালপাৰা-খাৰিজা দোলাইগাঁৱৰ বিসৰ্জন ঘাটত বিসৰ্জন দিয়া হয় ৷

বিসৰ্জন পৰ্ব উপভোগ কৰাৰ বাবে উক্ত ঘাটসমূহত বহু লোকৰ সমাগম হয় ৷ দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জন পৰ্বৰ লগতে ৰাৱনবোধ ( দচেৰা) উৎসৱ পালিত হয় ৷ ইপিনে বিসৰ্জন পৰ্ব শান্তিপূৰ্ণভাৱে সমাপনৰ বাবে  আৰক্ষী প্ৰশাসনে বিসৰ্জন ঘাটত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলে ৷ উল্লেখ্য যে জিলা আৰক্ষী প্ৰশাসনে  বিসৰ্জন ঘাটত নিৰাপত্তা বেষ্টনী গঢ়ি তোলে  যদিও ৰাজ পথত কিন্তু প্ৰতিমা বিসৰ্জন পৰ্বত অংশ গ্ৰহণ কৰাসকলৰ উদ্ভন্দালীৰ বাবে সৰ্বসাধাৰণ ৰাইজে অসুবিধা ভোগ কৰিবলগীয়া    হয় ৷ মূল ৰাজ পথত সৃষ্টি হয় তীব্ৰ যান -জোঁটৰ৷ বিসৰ্জন পৰ্বত অংশ লোৱাসকলে সমদল কৰি গৈ নেথাকি ঠায়ে ঠায়ে বহু সময়জুৰি নাচি - বাগি থকাত পথচাৰিসকল সমস্যাৰ সন্মুখীন হয় ৷

a

ইপিনে বঙাইগাঁও পৌৰ সভাৰ তৰফৰ পৰা পৰিস্কাৰ - পৰিচন্নতা অটুত ৰাখি পূজা আয়োজন কৰাৰ বাবে মধ্য ভাকাৰিভিটা পূজা কমিটিয়ে প্ৰথম পুৰস্কাৰ, বৰপাৰা বাছ আস্থানৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটিয়ে দ্বিতীয় পুৰস্কাৰ আৰু ঘোষ পাৰা পূজা কমিটি আৰু নতুন বজাৰ পূজা কমিটিয়ে যুটীয়াভাৱে তৃতীয় পুৰস্কাৰ  লাভ কৰে ৷ উল্লেখ্য যে বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত এলেকাত এইবাৰ মুঠ ৭৬ খন দুৰ্গা পূজা অনুষ্ঠিত হয় ৷  

Your Comments