বিলাসীপাৰাত উখল মাখল পৰিবেশত দেৱী বিসৰ্জন

aa

ৰাজ্যৰ আন অঞ্চলৰ লগতে বিলাসীপাৰাৰ বানিয়াপাৰা গৌৰাং নৈৰ ঘাটতো দেৱী বিসৰ্জনৰ কৰি থকা হৈছে । অগণন ভক্তৰ সমাগমে উখল মাখল কৰি তুলিছে বিলাসীপাৰাৰ গৌৰাং নদীৰ ঘাট। সাৰ্বজনীন প্ৰতিমা বিসৰ্জন দিয়াৰ নামত বিলাসীপাৰা ৰাজপথ পৰিণত হৈছে জনসমূদ্ৰলৈ । এইবাৰৰ দুৰ্গা পূজা সমগ্ৰ অসমৰ লগতে বিলাসীপাৰাতো শান্তিপূৰ্ণভাৱে পালিত হোৱা বুলি বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে সাংবাদিকক জানিবলৈ দিয়ে ।

তেওঁ আৰু কয় যে প্ৰশাসনৰ ফালৰ পৰা সহায় কৰা বুলি জানিবলৈ দিয়ে। ইফালে দূৰ্গা পূজা উপলক্ষে সাৰ্বজনীন প্ৰতিমা বিসৰ্জন দিয়াৰ বাবে প্ৰায় ১২ হাজাৰো অধিক লোকৰ মাজত খোৱা পানী যোগান ধৰে ধুবুৰী জিলা পূৱ বিজেপি দলৰ সভাপতি সুধীৰ কুমাৰ চন্দ্ৰ ৰায়ে। 

Your Comments