বঙাইগাঁৱৰ ৰাখালডুবিত বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন

aa

বঙাইগাঁও জিলাৰ ৰাখালডুবি তিনিআলিত আজি বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয় ৷ এই উপলক্ষে বঙাইগাঁও জিলা আক্ৰাছুৰ উদ্যোগত আয়োজিত অনুষ্ঠানত জিলা উপায়ুক্ত বাবুলাল শৰ্মাই মহাবীৰগৰাকীৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৷ আয়তিৰ উৰুলি, শংখ-ঘন্টাৰ মংগল ধ্বনি, নাম-প্ৰসংগ আৰু মাংগলিক কাৰ্যসূচীৰ মাজেৰে এই আধাৰশিলা স্থাপন কৰা হয় ৷

ইয়াৰ পিছতে অনুষ্ঠিত সভাত জিলা উপায়ুক্তগৰাকীয়ে কয় যে অসমৰ  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বঙাইগাঁৱত অনুষ্ঠিত কেন্দ্ৰীয় চিলাৰায় দিৱসৰ অনুষ্ঠানলৈ আহোতে ৰাখালডুবি তিনিআলিত বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ প্ৰতিশ্ৰুতি দি গৈছিল ৷ কিন্তু স্থানক লৈ কিছু সমস্যা হৈছিল ৷ পিছত আক্ৰাছুৰ বিষয়ববীয়াসকলৰ লগতে নিৰ্মাণ সমিতিয়ে এই স্থান নিৰ্বাচন কৰাত আজি আধাৰশিলা স্থাপন কৰা হয় ৷

a

তেওঁ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে ইতিমধ্যে চৰকাৰে আনটাইড ফাণ্ডৰ পৰা দহ লাখ টকা অনুদান আগবঢ়োৱা বুলি উল্লেখ কৰে ৷ লগতে ইয়াৰ বাহিৰেও আন বিভিন্ন শিতানৰ পৰা অনুদান আগবঢ়াই এই স্থান ডোখৰ কেনেকৈ অধিক ধুনীয়া কৰিব পাৰি তাৰ বাবে তেওঁ প্ৰচেষ্টা চলাই যাব বুলিও কয় ৷ উপায়ুক্তগৰাকীয়ে ইতিমধ্যে চাপৰাকাটাত আধাৰশিলা স্থাপন হোৱা বিশ্ব মহাবীৰ চিলাৰায় ডিজিটেল চেন্টাৰৰ নিৰ্মাণৰ কাম সোনকালে আৰম্ভ হ'ব বুলিও কয় ৷

আক্ৰাছুৰ জিলা সভাপতি গোলাপ পাঠকে আঁত ধৰা অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত চন্দ্ৰ দেৱীয়ে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বঙাইগাঁৱৰ কেন্দ্ৰীয় চিলাৰায় দিৱসৰ অনুষ্ঠানত জিলাখনৰ ৰাখালডুবি অঞ্চলত বিশ্ব মহাবীৰ চিলাৰায়ৰ যি প্ৰতিমূৰ্তি স্থাপনৰ প্ৰতিশ্ৰুতি দিছিল, সেই মৰ্মে আজি ইয়াত আধাৰশিলা স্থাপন কৰা  হৈছে ৷ অৱশ্যে স্থানকলৈ কিছু অসুবিধাৰ বাবে প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপনত পলম হোৱা বুলিও কয় ৷

ইপিনে অনুষ্ঠানত উপস্থিত থকা উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায়ে প্ৰতিমূৰ্তি স্থাপনৰ ঠাইডোখৰ দ' হোৱাত মাটি পেলাই ওখ কৰাৰ বাবে যদিহে সম্ভৱ হয় তেতিয়াহ'লে জিলা উপায়ুক্ত আৰু জিলাৰ উন্নয়ন আয়ুক্ত তথা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া চন্দ্ৰা দেৱীক ফৰ্টিন ফাইনেন্সৰ পৰা পাঁচ লাখ টকা আৰু এম জি এনৰেগাৰ পৰা দহ লাখ টকা দিবলৈ অনুৰোধ জনায় ৷ সভাত আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়েও বক্তব্য ৰাখে ৷ সভাত আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মন, কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰবী সৰকাৰ, জিলা সমিতিৰ সাধাৰণ সম্পাদক দিলীপ বৰুৱা, নিৰ্মাণ সমিতিৰ সভাপতি - সম্পাদকৰ লগতে আক্ৰাছুৰ কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বিষয়ববীয়া তথা স্থানীয় ৰাইজ উপস্থিত থাকে ৷

c

জিলা প্ৰশাসনে প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে ইতিমধ্যে নিৰ্মাণ সমিতিক বিশ লেচা মাটি প্ৰদান কৰিছে ৷ উল্লেখ্য যে ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত এই প্ৰতিমূতিটো স্থাপন কৰা হ'ব ৷ ৰাখলডুবিত বিশ্ব মহাবীৰগৰাকীৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে আক্ৰাছুকে আদি কৰি বঙাইগাঁওবাসী ৰাইজে দীৰ্ঘদিন ধৰি চৰকাৰক দাবী জনাই আহিছিল আৰু এই দাবীৰ পৰিপ্ৰেক্ষিততে মুখ্য মন্ত্ৰীগৰাকীয়ে বঙাইগাঁওলৈ আহোতে প্ৰতিশ্ৰুতি দিয়াত সেয়া বাস্তৱায়িত হোৱাৰ পথত আগবাঢ়িছে ৷

Your Comments