লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম
দুদিনিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লাহৰীঘাট নৱজ্যোতি কণিষ্ঠ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা অনুষ্ঠিত হৈ যায় । নৱাগত আদৰণি সভাৰ প্ৰথমদিনা মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ দিনৰ ১০ বজাত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা সমদল ১১ বজাত মহাবিদ্যালয়খনৰ প্ৰাচীৰ প্ৰত্ৰিকা উন্মোচনৰ পিছতেই মহাবিদ্যালয়খনৰ পুৰণি ছাত্র-ছাত্ৰীসকলে নতুন ছাত্র-ছাত্ৰীসকলক ধূপ-ধুনা আৰু ফুল ছটিয়াই মহাবিদ্যালয়ৰ মূল প্ৰৱেশ দ্বাৰেই আদৰি আনে ।
১২ বজাৰ পৰা মহাবিদ্যালয়খনৰ প্ৰবক্তাদ্বয় আৰু ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা গীত-নৃত্য, কৌতুক আদি সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয় । আবেলি ৪ বজাত মঞ্চত নগাঁৱৰ পৰা আমন্ত্ৰিত শিল্পী গোষ্ঠীয়ে গীত-মাত পৰিবেশন কৰে । দ্বিতীয় দিনা ন-পুৰনি ছাত্র-ছাত্ৰীসকলৰ একাষাৰৰ পিছত আমন্ত্ৰিত অথিতিয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কৰি সাৰুৱা বক্তৃতা প্ৰদান কৰে ।
মুকলি মঞ্চত গীত-নৃত্য পৰিবেশ কৰে মৰিগাঁওৰ পৰা আমন্ত্ৰিত শিল্পী গোষ্ঠীয়ে অঞ্চলটোৰ চাৰি হেজাৰ দৰ্শকৰ উপস্থিতত আনন্দ মূখৰ পৰিৱেশত দৰ্শকৰ বিপুল সহাৰিৰ মাজেদি সফলভাৱে সামৰণি পৰে অনুষ্ঠানটিৰ ৷ উল্লেখ্য যে লাহৰীঘাট নৱজ্যোতি কণিষ্ঠ মহাবিদ্যালয় মৰিগাঁও জিলাৰ নৈপৰীয়া অঞ্চলটোৰ একমাত্ৰ বাণিজ্যিক শিক্ষাৰ এখন ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় । প্ৰথমটো বৰ্ষতে চমকপ্ৰদ ফলাফল প্ৰদৰ্শনৰে ছাত্র-ছাত্ৰী অভিভাৱক আৰু অঞ্চলটোৰ বৌদ্ধিক মহলৰ পৰা বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।
- Log in to post comments
- 10 views