নদুৱাৰত এশ বছৰীয়া দুৰ্গা পূজা

aa

জামুগুৰিহাটৰ পৰা প্ৰণৱ জ্যোতি ভট্টাচাৰ্য
ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলা নদুৱাৰতো ৬০ খনৰো অধিক পূজা আয়োজন কৰা হৈছে ৷ বৃহত্তৰ নদুৱাৰৰ অন্তগৰ্ত কুসুমটোলা, জামুগুৰিহাট, ধলাইবিল, ইটাখোলা বালিজুৰি, টুপিয়া, মংগলবৰীয়া আৰু বিভিন্ন গাওঁ অঞ্চলত সৰু-বৰ পূজা আয়োজন কৰা  দেখিবলৈ পোৱা গৈছে ৷ উল্লেখযোগ্য যে বৃহত্তৰ নদুৱাৰৰ আটাইতকৈ পূৰণি পূজা হিচাপে চিহ্নিত হৈছে জামুগুৰিহাটৰ দুখন পূজা ৷ এখন হৈছে জামুগুৰি সাৰ্বজনীন দূৰ্গা পূজাখন ১৯১৬ চনৰ পৰা চলি আছে আৰু আনখন হৈছে জামুগুৰি মংগলময়ী পূজাখন ১৯৫২ চনৰ পৰাই জামুগুৰিহাটৰ নন্দিকেশ্বৰ নামৰ ইতিহাসপ্ৰসিদ্ধ গাওঁখনত পূজাভাগ আয়োজন কৰি থকা হৈছে ৷
 
 

Your Comments