কলিয়াবৰ পৰা প্ৰদীপ লস্কৰ
চৌদিশে দুৰ্গাপূজাৰ উখল-মাখল পৰিৱেশৰ মাজতে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগে স্বচ্ছতাৰ ক্ষেত্ৰত গ্ৰহণ কৰে এক প্ৰশংসনীয় প্ৰদক্ষেপ । মহকুমাধিপতিগৰাকীৰ নেতৃত্বত আৰু স্থানীয় ৰাইজৰ সহযোগত জয়ন্তীপুৰ চাৰিআলিৰ পৰা কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰৱেশ পথলৈকে প্ৰায় এক কিলোমিটাৰ পথ পৰিস্কাৰ কৰি স্বচ্ছতাৰ এক অপূৰ্ব নিদৰ্শন ডাঙি ধৰে ।
মহকুমাধিপতিগৰাকীৰ এনে পদক্ষেপক স্থানীয় ৰাইজে শলাগ লয় । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক দিপুমণি বৰা, সাংগঠনিক সম্পাদক জহিৰুদ্দিন আহমেদ, স্থানীয় সমাজ কৰ্মী যোগেন শইকীয়া, সৰ্বেশ্বৰ শইকীয়া, ৰবীন ভূঞা, স্থানীয় ব্যৱসায় সন্থাৰ লগতে আজাদ ক্লাৱৰ সদস্যসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।
- Log in to post comments
- 18 views