বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত চাপৰাকাটাৰ ৩১নং(গ) ৰাষ্ট্ৰীয় ঘাই পথত আজি দিনৰ ভাগত সংঘটিত এক পথ দুৰ্ঘটনাত আঠজনকৈ এছ এছ বি জোৱান গুৰুতৰভাৱে আহত হয় ৷ জানিব পৰা মতে জোৱানসকলে বঙাইগাঁৱৰ চাপৰাকাটাস্থিত এছ এছ বিৰ চেক্টৰ হেড কোৱাৰ্টাৰৰ পৰা এ এছ -০২ এ চি-২৪৪৭ নম্বৰৰ ট্ৰেভেলাৰখনেৰে গোৱালপাৰা ডুবাপাৰাৰ কেম্পলৈ বুলি গৈ থকা অৱস্থাত ট্ৰেভেলাৰখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু গাড়ীখন পথৰ পৰা নামি গৈ দাঁতিত থকা এডাল গছত খুন্দা মাৰে ৷ ফলত ট্ৰেভেলাৰখনত থকা আঠজনকৈ এছ এছ বি জোৱান গুৰুতৰভাৱে আহত হয় ৷ বাহনখনত মুঠ দহজন লোক আছিল ৷
আহতসকল এছ এছ বিৰ ছয় নং বেটেলিয়ণৰ জোৱান ৷ এখন ডাম্পাৰৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷ আহতসকলক পিছত বঙাইগাঁৱৰ এখন ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ আহত জোৱান কেইজন হ'ল- ৰাকেশ কুমাৰ, কামেন্দ্ৰ নাথ ৰায়, গোকুল প্ৰসাদ, অজয় কুমাৰ, নৰেন্দ্ৰ, সুনীল, ৰাম চন্দ কোল আৰু হোচি চে চেমা ৷ দুৰ্ঘটনাটো দিনৰ ১২ মান বজাত সংঘটিত হয় ৷ উল্লেখ্য যে আহত জোৱান এজনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে ট্ৰেভেলাৰখন তীব্ৰ বেগত গৈ আছিল আৰু আগে আগে এখন ট্ৰাক আছিল ৷
পিছত চাপৰাকাটাত হঠাতে কি হ'ল নাজানো, গাড়ীৰ চালকে ট্ৰাকখনৰ পৰা গাড়ীখন বচাবলৈ যাওতে পথৰ পৰা নামি যায় আৰু গছত খুন্দা মাৰে ৷ আনহাতে আন এজন আহত জোৱানে প্ৰকাশ কৰা মতে একে দিশে গৈ থকা ডাম্পাৰ এখনে ট্ৰেভেলাৰখনক অতিক্ৰম কৰিবলৈ লোৱাৰ সময়তে ট্ৰেভেলাৰখনৰ ওচৰ চাপি অহাত ট্ৰেভেলাৰখনৰ চালকে গাড়ীখন বচাবলৈ যাওতে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু পথৰ পৰা নামি গৈ গছত খুন্দা মাৰে ৷ দুৰ্ঘটনাটোত ট্ৰেভেলাৰখনৰ সন্মুখভাগ বিধ্বস্ত হয় ৷ সেইদৰে গছডালো ভাঙি পৰে ৷ পিছত আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন উদ্ধাৰ কৰে ৷ এছ এছ বিৰ জোৱানসকলে স্বাস্থ্য পৰীক্ষাৰ বাবে আজি পুৱাৰ ভাগত গোৱালপাৰা কেম্পৰ পৰা বঙাইগাঁৱৰ চাপৰাকাটাস্থিত চেক্টৰ হেড কোৱাৰ্টাৰলৈ আহিছিল আৰু ওভতি যোৱাৰ সময়ত দুৰ্ঘটনাটো সংঘটিত হয় ৷
- Log in to post comments
- 27 views