বৰপেটাৰোডৰ পৰা ৰনজিৎ তালুকদাৰ
শাৰদীয় দুৰ্গোসৱকলৈ সমগ্ৰ দেশবাসীয়ে দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি চলোৱা সময়ত সমগ্ৰ দেশৰ লগতে বৰপেটা জিলাৰ বাণিজ্যনগৰী বৰপেটাৰোডতো চলিছে দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি । ১৯৬৮ চনত স্থাপিত উত্তৰ বৰপেটাৰোড (বেলতলা) সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজা এইবাৰ নিৰ্মাণ কৰি উলিয়াইছে স্বৰ্ণ প্ৰতিমা, এই বেলী স্বৰ্ণজয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি এই বিশাল আয়োজন কৰিছে বুলি সমিতিৰ তৰফৰ পৰা জনায় ।
আনহাতে বৰপেটাৰোডৰ মুৰী বজাৰত ৰংঘৰৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ সৰ্ম্পূণ কৰি তুলিছে আয়োজকসকলে, নেতাজী সংঘৰ আয়োজক । বিগত এমাহ ধৰি স্থানীয় শিল্পীয়ে বিশাল বাজেটেৰে নিৰ্মাণ কৰি উলিয়াইছে এই পূজা মণ্ডপ । বৰ্তমান আৰ্কষণৰ কেন্দ্ৰবিন্দু হৈ পৰা ৰংঘৰৰ আৰ্হিত প্ৰস্তুত কৰা এইখন পূজা মণ্ডপে সকলোৰে দৃষ্টি আৰ্কষণ কৰিছে ।
উল্লেখ্য যে প্ৰতিবছৰে বাণিজ্যনগৰী বৰপেটাৰোডৰ নেতাজী সংঘই ৰাইজক কিবা এটি নতুনত্ব দিয়াৰ প্ৰচেষ্টা কৰি আহিছে আৰু এইবাৰো ব্যতিক্ৰম নহয় । আনহাতে ১৯৭৮ চনত স্থাপিত মেঘনাথ সাহা নগৰৰ ৪নং ৱাৰ্ডৰ বৰপেটাৰোডৰ অৰবিন্দ সংঘৰ পূজা সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজাখন এইবাৰ ৪০ বছৰত পদাৰ্পণ কৰিছে । অৰবিন্দ সংঘই এইবাৰ বিশাল আয়োজন কৰিছে বুলি সমিতিৰ তৰফৰ পৰা জনায় । নলবাৰীৰ শিল্পী অনুপ দাসৰ বিশেষ কাৰিকৰীৰে বিশাল বাজেটেৰে নিৰ্মাণ কৰি উলিয়াইছে পূজা মণ্ডপ ।
বৈদ্যুতিক আৰু কাৰিকৰীক সজ্জাৰে দুৰ্গাদেৱীৰ মহিষাসুৰ বধৰ জীৱন্ত দৃশ্য এই পূজা মণ্ডপত ৰাইজে দেখিবলৈ পাব, বৰ্তমান আৰ্কষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অৰবিন্দ সংঘৰ এইখন পূজা মণ্ডপে সকলোৰে দৃষ্টি আৰ্কষণ কৰিছে, বৰপেটাৰোডৰ উল্লেখযোগ্য পূজাসমূহ হ'ল- বৰপেটাৰোড ষ্টেচনৰ পূজাখন এইবাৰ ৯৩ বৰ্ষত পদৰ্পণ কৰিছে, বৰ্মনপাৰা পূজা ৭৪ বৰ্ষত, উত্তৰ বৰপেটাৰোডৰ খৈৰাবাৰী সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজা ৪৯, প্ৰগতিসংঘ ৪১ বৰ্ষত, বাবুপাৰা যুৱ সংঘ ৩২ বৰ্ষত, বনজ্যোতি সংঘ ২৫ বৰ্ষত, ৰামকৃষ্ণ মিছন চেণ্টাৰ ২০ বৰ্ষত পদাৰ্পণ কৰে ইয়াৰ উপৰি দেশবন্ধু পৰা, শক্তিনগৰ, জ্যোতিনগৰ, শিমলাগুৰি, মিলননগৰ, কলহভঙা আদিকলৈ প্ৰায় এশখনৰো অধিক পূজা মণ্ডপেৰে সুন্দৰ কৈ সজাই তুলিছে বৰপেটাৰোড চহৰ ।
- Log in to post comments
- 9 views