বইটামাৰীৰ ৰঘুনন্দনপুৰত ৩১৫ বছৰীয়া দুৰ্গা পূজা 

ss

বঙাইগাঁও জিলাৰ বইটামাৰীৰ ৰঘুনন্দনপুৰ দুৰ্গাদেৱীৰ মন্দিৰত এইবাৰ ১৫ অক্টোবৰৰ পৰা আৰম্ভ হ'ব ৩১৫ সংখ্যক দুৰ্গা পূজা । অতি প্ৰাচীন কালৰে পৰা চলি অহা এই দুৰ্গা পূজা এইবাৰো বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব । কাৰ্যসূচী অনুসৰি, আজি সন্ধিয়া দেৱীৰ আমন্ত্ৰণ তথা অধিবাস হ'ব । বিল্ববোধনেৰে আজি ষষ্ঠীৰ কাৰ্যসূচী হোৱাৰ পিছত কাইলৈ পুৱা প্ৰতিমা স্থাপনেৰে সপ্তমী পূজা আৰম্ভ হ'ব ।

বিয়লি পুষ্পাঞ্জলি নিবেদন হোৱাৰ পিছত আইসকলে নাম পৰিৱেশন কৰিব । সন্ধিয়া ছয় বজাত আৰতি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । ১৭ অক্টোবৰত অষ্টমী পূজা হ'ব । বিয়লিৰ ভাগত আই নাম, নাগাৰা নাম আৰু সন্ধিয়া আৰতি প্ৰদান হ'ব । নিশা যাত্ৰা গান পৰিৱেশন হ'ব । ১৮ অক্টোবৰত মহানৱমী পূজা, বিয়লি পুষ্পাঞ্জলি প্ৰদানৰ পিছত আই নাম পৰিৱেশন হ'ব । সন্ধিয়া ঢাকৰ শব্দত মুখৰিত হ'ব পূজা প্ৰাংগণ । নিশা সাংস্কৃতিক অনুষ্ঠান ৰূপায়িত হ'ব । ১৯ অক্টোবৰত দশমী পূজাৰ অন্তত বিয়লি বইটামাৰীৰ টুনীয়া নৈত দেৱী বিসৰ্জন হ'ব ।

aa

উল্লেখ্য যে বিজনীৰ কোচ ৰজাৰ দিনৰে পৰা চলি অহা  বইটামাৰীৰ ৰঘুনন্দনপুৰৰ এই ঐতিহাসিক দুৰ্গাপূজাত ব্যয়বহুল চমকৰ পৰিৱৰ্তে আধ্যাত্মিকতাত গুৰুত্ব প্ৰদান কৰা হয় । ইতিহাস অনুসৰি, তাহানিৰ বিজনীৰ কোচ ৰজাই পশ্চিমবংগৰ নদীয়াৰ পৰা ৰঘুনন্দন ভট্টাচাৰ্য নামৰ এগৰাকী ব্ৰাহ্মণ পণ্ডিতক বইটামাৰীত সংস্থাপন কৰিছিল ।

ৰজাৰ পৃষ্ঠপোষকতাত ৰঘুনন্দন ভট্টাচাৰ্যই ৰঘুনন্দনপুৰত ১৭০৩ চনত প্ৰথম দুৰ্গাদেৱী প্ৰতিষ্ঠা কৰে । তেওঁ সুনিপুণ মৃন্ময় শিল্পী আছিল বাবে নিজ হাতে দেৱীৰ প্ৰতিমা সাজি নিজে পূজাও কৰিছিল । জানিব পৰা মতে, প্ৰথমতে ৰঘুনন্দনপুৰ দুৰ্গাপূজাত পশু বলি দিয়া হৈছিল যদিও কালক্ৰমত উক্ত বলি প্ৰথা বন্ধ হয় । এই পূজাস্থলীত অতীজৰে পৰা বৃহত্তৰ অঞ্চলটোৰ ৰাইজে অংশগ্ৰহণ কৰি আহিছে । এইবাৰো তাৰ ব্যতিক্ৰম নহয় । পূজাক লৈ বৃহত্তৰ বইটামাৰীৰ সৰ্বত্ৰ উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে ।

Your Comments