আজি আবেলি চাৰিটা বজাত বৰপেটা জিলাৰ বাঘবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চতলা পাথৰচালি বজাৰত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ চতলা আঞ্চলিক সমিতিৰ উদ্যোগত নতুন সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান, শিক্ষা, বাল্য বিবাহ, ডি ভোটাৰ, এন আৰ চিৰ ওপৰত সজাগতা সভা অনুষ্ঠিত হয় । সভাৰ প্ৰথমে সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ বাবে প্ৰাণ দিয়া ব্যাক্তি সকলোৰ আত্মাৰ চিৰশান্তি কামনা কৰি এক মিনিট মৌনতা অৱলম্বন কৰে ।
চতলা আঞ্চলিক সমিতিৰ সকলোকে শপত বাক্য পাঠ কৰাই জিলা সভাপতি ইব্ৰাহিম আলীয়ে । জিলা সমিতিৰ উপ সভাপতি মিজানুৰ ৰহমান, চতলা আঞ্চলিক সমিতিৰ সদস্যৰ লগতে সভাপতি মকছেদুল ইছলাম, সাধাৰণ সম্পাদক আজাহাৰুল ইছলামে আমন্ত্ৰিত অতিথিসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় । বৰপেটা জিলা সমিতিৰ সভাপতি ইব্ৰাহিম আলীৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাত ভাষণ দিয়ে সংগঠটোৰ উপদেষ্টা লিয়াকৎ আলী খানে, সাধাৰণ সম্পাদক মোজ্জেম হুছেইনে ভাষণত কয় সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উদ্দেশ্য আৰু লক্ষ্য নিৰিহ, শোষিত, বঞ্চিত মানুহক সহযোগীতা কৰা, লগতে কয় ডি ভোটাৰৰ নামত সংখ্যালঘু মানুহক বিদেশী সজোৱাৰ চক্ৰান্ত চলিছে ।
চতলাৰ জিলা পৰিষদৰ প্ৰাক্তনসদস্য নুৰুল ইছলাম তালুকদাৰে ভাষণত কয় সংখ্যালঘু মানুহে সমস্যাৰ পৰা মুক্ত হোৱাৰ একমাত্ৰ পথ গুণগত শিক্ষা লাভ কৰা । সাংগঠনিক সম্পাদক আবুবক্কাৰ ছিদ্দিকে কয় এন আৰ চিৰ প্ৰতীক হাজেলাই এজন ক্ষমতাশালী এজন মন্ত্ৰীৰ নিৰ্দেশত পাচঁটাকৈ গুৰুত্বপূৰ্ণ নথিপত্ৰ বাদ পেলোৱাটো বিপদজনক হৈছে । সাংবাদিক ৰফিকুল ইছলামে ভাষণত কয় সাম্প্ৰতিক সময়ত সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতিগৰাকী ব্যাক্তি সচেতন নহ'লে ৰাজনৈতিক বিপদ অহাটো নিশ্চয় ।
লগতে কয় বাল্য বিবাহ বন্ধ কৰি, প্ৰতিগৰাকী সন্তানক উপযুক্ত শিক্ষা প্ৰদান কৰি সুনাগৰিক গঢ়ি তোলাটো অতিকৈ জৰুৰী হৈ পৰিছে । অধিভক্তা আফজাল হুছেইন আৰু উপ-সভাপতি ছাজাহান আলী আহমেদে ভাষণত বাল্য বিবাহৰ বন্ধ কৰিবলৈ আহ্বান জনায় । সজাগতা সভাত কেইবা শতাধিক ৰাইজ উপস্থিত থাকে ।
- Log in to post comments
- 15 views