বঙাইগাঁও জিলাৰ সীমামূৰীয়া তথা বৰপেটা জিলাৰ চকচকা ৰাজহ চক্ৰৰ অন্তৰ্গত মাণিকপুৰৰ নিকটৱৰ্তী বালাপেট গাঁৱৰ শংকৰ মন্দিৰ প্ৰাঙ্গণত শনিবাৰে এখন বিনামূলীয়া পশু চিকিৎসা শিবিৰ অনুষ্ঠিত হয় । জানিব পৰা মতে "স্বচ্ছ আৰু সেউজ গাঁও" বালাপেট উন্নয়ন সমিতিৰ উদ্যোগত আৰু বৰপেটা জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডাঃ মনোৰঞ্জন দাসৰ লগতে সৰভোগ পশু চিকিৎসালয়ৰ বিষয়া ডাঃ ৰাজীৱ ৰায় চৌধুৰীৰ তত্ত্বাৱধানত বালাপেট শংকৰ মন্দিৰ প্ৰাংগনত শনিবাৰে ৰাতিপুৱাৰ পৰা এখনি বিনামূলীয়া পশু চিকিৎসা শিবিৰ অনুষ্ঠিত হয় ।
এই শিবিৰত বালাপেট গাঁৱৰ প্ৰায় ৩ হাজাৰৰো অধিক গৰু-ছাগলীক বিনামূলীয়াকৈ প্ৰতিষেধক চিটা প্ৰদান কৰা হয় । লগতে গাঁওখনত নতুনকৈ এখন পশু চিকিৎসালয় স্থাপন কৰাৰ উদ্দেশ্যে গাঁওখনৰ পশ্চিম দিশত থকা গো-ৰিজাৰ্ভৰ মাটি পৰিদৰ্শন কৰে জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডাঃ মনোৰঞ্জন দাসে । বৰপেটা জিলাৰ পশ্চিম সীমান্তত থকা এই গাঁওখনত এখন পশু চিকিৎসালয় স্থাপনৰ খবৰ পোৱাৰ পিছত উৎফুল্লিত হৈ পৰে বালাপেটবাসী ৰাইজ ।
উল্লেখ্য যে যোৱা ২৪ ছেপ্টেম্বৰ ২০১৮ তাৰিখে অসম চৰকাৰ আৰু জিলা প্ৰশাসনৰ ফালৰ পৰা বালাপেট গাঁওখন স্বচ্ছ আৰু সেউজ গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰিছিল আৰু তেতিয়াৰ পৰাই গছপুলি ৰোপন, গাঁৱৰ প্ৰতি ঘৰে ঘৰে গৈ খোৱা পানী পৰীক্ষণ, বিনামূলীয়া পশু চিকিৎসা শিবিৰ আদি চৰকাৰীভাৱে অনুষ্ঠিত কৰি থকাৰ লগতে গাঁওখনত এখন পশু চিকিৎসালয় স্থাপনৰ ব্যৱস্থা হাতত লোৱা বাবে অসম চৰকাৰ তথা জিলা প্ৰশাসনক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে স্থানীয় ৰাইজে ।
- Log in to post comments
- 10 views