বঙাইগাৱঁত ৰাজধানী এক্সপ্ৰেছৰ পৰা ৩০ লাখ টকা জব্দ, দুগৰাকী মহিলাক আটক 

ss

বঙাইগাঁৱৰ নিউ বঙাইগাঁও ৰে'লৱে জংচনত আজি পুৱাৰ ভাগত দিল্লী অভিমুখী নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা বৃহৎ পৰিমাণৰ ধন জব্দ হয় ৷ ধনখিনি দুখন বেগত আছিল ৷ ৰে'লৱে আৰক্ষীয়ে ধনখিনি জব্দ কৰাৰ লগতে বৰপেটা জিলাৰ ভৱানীপুৰৰ শেৱালী দাস তালুকদাৰ আৰু সোণমনি দাস নামৰ দুগৰাকী মহিলাক আটক কৰে ৷ এই সন্দৰ্ভত নিউ বঙাইগাঁওস্থিত ৰে'লৱে আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ভূপেন চন্দ্ৰ দাসে সংবাদ মাধ্যমত জানিবলৈ দিয়া মতে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত গুৱাহাটীৰ পৰা অহা দিল্লী অভিমুখী নামনিমুৱা ১২৪২৩ নং ৰাজধানী এক্সপ্ৰেছ ৰে'লখন পুৱা ৯:২০ বজাত নিউ বঙাইগাঁও ৰে'লৱে জংচনত আহি পোৱাৰ লগে লগে ৰে'লৱে আৰক্ষীয়ে ৰে'লৰখনৰ ডবাত তালাচী চলায় ৷

aa

এই তালাচী চলোৱাৰ সময়তে দুখন বেগত থকা বৃহৎ পৰিমাণৰ ধনখিনি জব্দ কৰাৰ লগতে বেগ দুখনৰগৰাকী দুগৰাকী মহিলাক আটক কৰা হয় ৷ মহিলা দুগৰাকীৰ লগত এটি শিশুও আছে ৷ বেগ দুখনত মুঠ ৩০ লাখ টকা আছে বুলিও কয় ৷ জব্দ কৰা টকাখিনি মহিলা দুগৰাকীয়ে দিল্লীৰ গংগাৰাম হস্পিতাললৈ নি থকা বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰা বুলি কয় ৷

অৱশ্যে ধনখিনিৰ প্ৰকৃতগৰাকী কোন অথবা কোনে দিল্লীলৈ কঢ়িয়াই নিবলৈ দিছিল সেই বিষয়ে মহিলা দুগৰাকীয়ে কোনো কথা প্ৰকাশ কৰা নাই ৷ আনকি বেগ দুখনত যে ধন আছে সেই বিষয়ে মহিলা দুগৰাকীয়ে হেনো জনাই নাছিল বুলিহে আৰক্ষীৰ আগত প্ৰকাশ কৰে ৷ জব্দ কৰা ধনখিনি পাঁচশ টকীয়া আৰু দুহেজাৰ টকীয়া নোট আছিল ৷ পিছত ৰে'লৱে আৰক্ষীয়ে জব্দ কৰা ধনসহ মহিলা দুগৰাকীক আয়কৰ বিভাগক গতাই দিয়ে ৷ 

Your Comments