গহপুৰত অসম গণ পৰিষদ দলৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্‌যাপন

aa

ছয় বছৰীয়া অসম আন্দোলনৰ পৰিণতিত অসম তথা বৃহত্তৰ অসমীয়া জাতিৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ‍্যৰে অৰ্থাৎ ঐক্য শান্তি আৰু প্ৰগতিৰ বাণীৰে ১৯৮৫ চনৰ ১৪ অক্টোবৰত গোলাঘাট চহৰত গঠন কৰা আঞ্চলিক ৰাজনৈতিৰ দল অসম গণ পৰিষদৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱসটি দলটোৰ গহপুৰ জিলা সমিতিয়ে আজি দিনজোৰা কাৰ্যসূচীৰে গহপুৰ ৰাজহুৱা ভৱনত উদ্‌যাপন কৰা হয় ।

পুৱা ৭ বজাত পৰিৱেশ নিকাৰণ, ৮ বজাত পতাকা উত্তোলন কৰে গহপুৰ জিলা অগপ সভাপতি কমল ফুকনে । পুৱা ৮.৩০ বজাত ছহিদ পৰিয়ালবৰ্গৰ দ্বাৰা ছহিদ তৰ্পণ কৰে । পুৱা ৯ বজাত জাতি জনগোষ্ঠীৰ কৃষ্টিৰ দ্বাৰা গহপুৰ নগৰৰ মাজমজিয়াদি এক দলীয় শোভাযাত্ৰা কৰে, দলীয় শোভাযাত্ৰাৰ উদ্ধোধকৰ ভাষণ দিয়ে গহপুৰ জিলাৰ কা:সভাপতি ৰবীন হাজৰিকাই, ৯.৩০ বজাত অসম বিধানসভাৰ প্ৰাক্তন অধ‍্যক্ষ প্ৰয়াত গণেশ কুটুমদেৱৰ সমাধী ক্ষেত্ৰত পুষ্পাঞ্জলি অৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে ।

dd

উক্ত কাৰ্যসূচীত মুখ্য তৰ্পক হিচাপে ডা: ৰঞ্জিত কাড়ীই বক্তব্য আগবঢ়াই । পুৱা ১০ বজাত প্ৰায় ৫০০ গৰাকী প্ৰতিনিধি নাম পঞ্জীয়ন কৰে । ১১ বজাত মূল সভা আৰম্ভ কৰে । মূল সভাৰ উদ্ধোধনী ভাষণ দিয়ে প্ৰাক্তন অধ‍্যক্ষ দুধনৈ কলেজৰ ডঃ গোপাল ফুকনে । আজি সভাখনৰ সভাপতিত্বত কৰে গহপুৰ জিলাৰ সভাপতি কমল ফুকনে । মূখ্য অতিথি হিচাপে উপস্থিত থাকে অগপ কেন্দ্ৰীয় সমিতি উপ-সভাপতি দিলীপ বৰা ।

সেই মূল সভাখনতেই 'সৰ্বভাৰতীয় ৰাজনৈতিক প্ৰেক্ষাপটত আঞ্চলিকতাবাদৰ প্ৰাসঙ্গিকতা আৰু সাম্প্ৰদায়িক অসমৰ ৰাজনীতিত আঞ্চলিকতাবাদৰ গুৰুত্ব' বিষয়ত এক আলোচনা চক্ৰ আগবঢ়াই । আলোচক হিচাপে উপস্থিত থাকে অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সিদ্ধেশ্বৰ হাজৰিকা, কেন্দ্ৰীয় সদস্য নোমল বৰা, কেন্দ্ৰীয় যুৱ পৰিষদৰ সম্পাদক অনন্ত বৰা ।

Your Comments