জুবিন-গৰিমাৰ বিৰুদ্ধে অশালীন মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ জিতুমনি গগৈ

aa

ডবকাৰ পৰা জমিৰউদ্দিন তালুকদাৰ
সামাজিক মাধ্যম ফেচবুকত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু তেওঁৰ সহধৰ্মিণী গৰিমা গাৰ্গৰ বিৰুদ্ধে চৰম অশালীন মন্তব্য কৰাৰ অভিযোগত যোৱা নিশা গুৱাহাটীৰ পল্টন বজাৰ আৰক্ষীয়ে এজন যুৱকক আটক কৰিছে ৷ গুৱাহাটী আৰক্ষীৰ জালত পৰা যুৱকজন হোজাই আৰক্ষী থানাৰ অন্তৰ্গত যমুনামুখৰ সমীপৰ হায়ং গাঁৱৰ চাও জিতুমনি গগৈ বুলি জানিব পৰা গৈছে ৷

aa

বাতৰি অনুসৰি জিতুমনি গগৈ নামৰ যুৱকজনে ৰাজ্যৰ এগৰাকী চিনেমা নিৰ্মাতা লুইত কুমাৰ বৰ্মন নামৰ ব্যক্তিজনৰ নামত সামাজিক মাধ্যম ফেচবুকত এটা ভুৱা একাউন্ট খুলি শিল্পী জুবিন গাৰ্গ আৰু তেওঁৰ সহধৰ্মীণি গৰিমা গাৰ্গৰ বিৰুদ্ধে চৰম আপত্তিজনক এক পোষ্ট কৰিছিল ৷ এই পোষ্টটো সামাজিক মাধ্যমত ভায়ৰেল হোৱাৰ পিছত জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে দিছপুৰ থানাত এক গোচৰ ৰুজু কৰে ৷ সেই গোচৰৰ ভিত্তিত আৰক্ষীয়ে লুইত কুমাৰ বৰ্মনক জেৰা কৰিছিল ৷

তাৰ পৰিৱৰ্তী লুইত কুমাৰ বৰ্মনে এয়া তেওঁৰ নামত কোনোবাই ষড়যন্ত্ৰ কৰি ফেচবুকত ভুৱা একাউন্ট খুলি জুবিন আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে মন্তব্য কৰা বুলি অভিযোগ কৰি গুৱাহাটীৰ পল্টন বজাৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল ৷ সেই গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰি হোজাই আৰক্ষী থানাৰ অন্তৰ্গত হায়ং গাঁৱৰ চাও জিতুমনি গগৈ নামৰ যুৱকজনক আটক কৰে ৷

Your Comments