বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁৱৰ ৰেলৱে ৱেষ্ট কলনীত যোৱা নিশা ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় ৷ ৰেলৱে কলনীটোৰ কৃষ্ণ কান্ত শৰ্মা নামৰ ৰেলৱে কৰ্মচাৰীগৰাকীৰ আৱাসত নিশা প্ৰায় ১১ বজাত সংঘটিত এই অগ্নিকাণ্ডত ঘৰৰ সকলো আচবাব-পত্ৰ, নগদ ধন, সোণৰ আ-অলংকাৰ, গুৰুত্বপূৰ্ণ নথি-পত্ৰ, কাপোৰ-কানিকে ধৰি কেবা লক্ষাধিক টকা মূল্যৰ সা-সম্পত্তি ধ্বংস হয় ৷
উল্লেখ্য যে যোৱা ২ অক্টোবৰৰ নিশা কৃষ্ণকান্ত শৰ্মাৰ ভাতৃ তথা বৰপথাৰ হাইস্কুলৰ শিক্ষক, সাংবাদিক ভগৱান শৰ্মাৰ মৃত্যু হোৱাত কালি পৰিয়ালৰ লোকে তেওঁৰ আত্মাৰ সদগতি কামনা কৰি আদ্যশ্ৰাদ্ধ আৰু সপিণ্ডণৰ আয়োজন কৰিছিল ৷ আদ্যশ্ৰাদ্ধ উপলক্ষে দনটোত আত্মীয়-স্বজন, গুণমুগ্ধ আদি উপস্থিত হৈছিল ৷ পিছত নিশা পৰিয়ালৰ লোকসকলে সকলো কাম-কাজ সামৰি ১০ বজাৰ পিছত শুই পৰিছিল ৷ পৰিয়ালৰ সদস্যসকলৰ টোপনি যোৱাৰ পাছতেই সংঘটিত হৈছিল-অগ্নিকাণ্ড ।
নিশা ১১ মান বজাত হঠাতে প্ৰতিৱেশী লোকে তেওঁলোকৰ আৱাসত জুই দেখা পাই চিঞৰ-বাখৰ লগাই আৰু পৰিয়ালৰ সদস্যসকলক মাতিবলৈ ধৰে ৷ প্ৰতিৱেশী লোকৰ চিঞৰ-বাখৰত টোপনিত লাল কাল দিয়া কৃষ্ণকান্ত শৰ্মাৰ লগতে পৰিয়ালৰ বাকী সদস্যসকল সাৰ পায় আৰু ঘৰৰ বাহিৰলৈ ওলাই আহি প্ৰাণ বচাবলৈ সক্ষম হয় ৷ ইতিমধ্যে জুইয়ে ভয়াৱহ ৰূপ লৈছিল আৰু ছিলিণ্ডাৰ এটাৰ বিস্ফোৰণ ঘটে ৷ পিছত অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপণ বাহনৰ সহায়ত জুই নিৰ্বাপণ কৰে ৷ অগ্নিকাণ্ডত মুঠ চাৰিটা কোঠাত থকা সকলো সা- সামগ্ৰী জুইত জাহ যায় ৷
দুৰ্ভাগ্যজনক কথা এয়ে যে প্ৰয়াত শিক্ষক-সাংবাদিক ভগৱান শৰ্মাৰ দেওবাৰে মৎস্যস্পৰ্শৰ দিন ধাৰ্য কৰিছিল ৷ কিন্তু তাৰ পূৰ্বে এই অগ্নিকাণ্ড সংঘটিত হোৱাত পৰিয়ালৰ সদস্যসকল বিপাঙত পৰিছে ৷ উল্লেখ্য যে পৰিয়ালৰ সদস্যসকলে অগ্নিকাণ্ড সংঘটিত হোৱা আৱাসৰ পৰা কোনো বয়-বস্ত বাহিৰলৈ উলিয়াবলৈ সক্ষম নহ’ল ৷ অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ৷
- Log in to post comments
- 13 views