ডবকাৰ পৰা জমিৰউদ্দিন তালুকদাৰ
হোজাই জিলাত এন আৰ চি উন্নীতকৰণক লৈ আজি জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ত অসম চৰকাৰৰ মুখ্য সচিবৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় মুখ্য সচিব আলোক কুমাৰ ৷ লগতে কুমাৰে হোজাইৰ বিভিন্ন দল-সংগঠনৰ সৈতেও এক বিশেষ মত-বিনিময়ত অংশ লয় ৷ সভাখনত অসমৰ মুখ্য সচিব আলোক কুমাৰে বিভিন্ন ৰাজনৈতি দল আৰু অৰাজনৈতিক সংগঠনৰ লগত এন আৰ চি উন্নীতকৰণক লৈ বৈঠক কৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এন আৰ চি ৰূপায়ণ প্ৰক্ৰিয়াৰ ওপৰত মন্তব্য ৰাখে ৷
সভাত অসম চৰকাৰৰ মুখ্য সচিব আলোক কুমাৰৰ লগতে গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব এল, এছ ছাংচন, সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, অসম আৰক্ষীৰ আইন শৃংখলা বিভাগৰ মহাপৰিদৰ্শকসহ বহু উচ্চপদস্থ বিষয়বৱীয়াই অংশ লয় ৷ সভাখনত এন আৰ চি সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয় বুলি এক সংবাদ মাধ্যমৰ সৈতে কথা-বতৰাত আলোক কুমাৰে সদৰি কৰে ৷ দল-সংগঠনসমূহে এন আৰ চিৰ উন্নীতকৰণ সন্দৰ্ভত সাধাৰণ ৰাইজে ভূগি অহা সমস্যাৰাজি আন আন বিষয়াসকলক অৱগত কৰে ৷
আজি উপস্থিত থকা ২২টাকৈ দল-সংগঠনে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই পাঁচবিধ নথি পত্ৰ বাদ দিয়া বিষয়টো কোনোপধ্যে মানি লোৱা নহ'ব বুলি মুখ্য সচিব গৰাকীক অৱগত কৰে ৷ লগতে এই সন্দৰ্ভত প্ৰত্যেক দল-সংগঠনে মুখ্য সচিবগৰাকীক পৃথকে পৃথকে স্মাৰক-পত্ৰও প্ৰদান কৰে ৷ আজিৰ বৈঠকত অৰাজনৈতিক দলৰ হৈ অংশ লয় আছু হোজাই জিলা সমিতিৰ হৈ ছাদ্দাম হুছেইন তালুকদাৰ, দেৱজিৎ ডেকা, জমিয়ত উলামাৰ হৈ সাধাৰণ সম্পাদক মৌলানা আব্দুৰ ৰছিদ কাছিমী, সম্পাদক মৌলানা কলিমউদ্দিন, আজমল জমিয়তৰ হৈ আজিৰউদ্দিন, অসম গণ পৰিষদ দলৰ হাজী সোনা মিঞা, কংগ্ৰেছ দলৰ হৈ স্বপন কৰ, বিজয় চক্ৰৱৰ্তী উপস্থিত থাকি নিজৰ মত দাঙি ধৰে ৷
আনহাতে অহা ২৩ অক্টোৱৰত এন আৰ চি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানী হ'ব ৷ ইয়াৰ প্ৰাক্মুহূৰ্তত এনেদৰে দল-সংগঠনক লৈ এন আৰ চি সন্দৰ্ভত সভা অনুষ্ঠিত কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৷ ইফালে আজি উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত অসম চৰকাৰৰ মুখ্য সচিব আলোক কুমাৰ, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব, সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানসহ সকলোকে হোজাইৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন আজমল ফাউণ্ডেনে জাপি, শৰাই, ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় । সম্বৰ্ধনা পৰ্বত আজমল ফাউণ্ডেচনৰ হৈ মহা প্ৰৱন্ধক খছৰুল ইছলাম, প্ৰৱন্ধক এম আৰ এইছ আজাদ সহ অন্যান্য বিষয়বৱীয়াসকল উপস্থিত থাকে ।
- Log in to post comments
- 115 views