কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ
এছিয়াৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ জলসিঞ্চন আঁচনি হিচাপে পৰিচিত কলিয়াবৰ সংযোজিত জলসিঞ্চন আঁচনিখন বালিত পোত যোৱাৰ দিশে গতি কৰিছে । বিগত ১৫ বছৰীয়া কংগ্ৰেছ চৰকাৰৰ দিনতো প্ৰতিবছৰে বিভাগীয় মন্ত্ৰীয়ে হাতীমূৰাত উপস্থিত হৈ আচঁনিখন সফল কৰি তোলাৰ ঘোষণা কৰিয়েই দায়িত্ব সামৰি কৃষকৰ আশাত চেঁচা পানী ঢালিছিল । বৰ্তমানৰ পৰিৱৰ্তনকামী চৰকাৰখনৰ দিনত আঁচনিখন পুনৰ কাৰ্যক্ষম হ'ব বুলি কৃষক ৰাইজে আশা কৰিছিল যদিও ইয়াৰ বিপৰীত ছৱিহে দেখিবলৈ পোৱা গৈছে ।
ইতিমধ্যে আঁচনিখৰ এটা গুৰুত্বপূৰ্ণ অংশ বালিত পোত যাব ধৰিছে আৰু যন্ত্ৰাংশসমূহ জহি-খহি যোৱাৰো উপক্ৰম ঘটিছে । ইফালে সোণৰ কণীপৰা এই আঁচনিখনৰ নামত প্ৰতি বছৰে কোটি কোটি টকা আবন্তিত হৈছে যদিও এতিয়াও কৃষক ৰাইজে এটুপি পানীৰ বাবে প্ৰকৃতিৰ মুখলৈ বাত চাই থাকিব লাগিয়া অৱস্থাতে আছে । বিশেষ সূত্ৰে জানিব পৰামতে এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ জলসিঞ্চন আঁচনিখনৰ নামত চলিত বৰ্ষত চৰকাৰে পাঁচ কোটি টকাৰ আবন্টন দিছিল ।
একাংশ ৰাজনৈতিক মদতপুষ্ট ঠিকাদাৰে পুৰণা গৃহ, দলং আদিত ৰং সানি নতুন ৰূপ দি সমুদায় ধন কুক্ষিগত কৰা বুলি সাধাৰণ ৰাইজে অভিযোগ কৰে । প্ৰাপ্ত তথ্য মতে চলিত বৰ্ষত আঁচনিখনত ব্যৱহৃত বিভিন্ন কামৰ লগতে নলা পৰিস্কাৰৰ নামত তিনি কোটি, এটা নিৰীক্ষণ কক্ষ নিৰ্মাণৰ নামত ছয় লাখ আৰু দমকল বহুৱাৰ নামত পঞ্চাছ হাজাৰ টকা আবন্টন দিয়া বুলি জানিব পৰা যাই যদিও উক্ত ধনৰ বিপৰীতে বৰ্তমানেও কোনো কাৰ্য সম্পাদন নোহোৱা কথাই ৰহস্যৰ ঘণিভূত কৰে ।
আশ্চৰ্যকৰ বিষয় যে যিটো প্ৰকল্পৰ পৰা কৃষক ৰাইজে এটুপি পৰ্যন্ত পানী নাপাই তেনে এখন আঁচনিত ছয় কোটি টকা ব্যয় সাপেক্ষ এক নিৰীক্ষণ কক্ষ নিৰ্মাণ কৰা কাৰ্যত এক অসৎ অভিসন্ধি নিহিত হৈ আছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে । ইফালে মুঠ ২৯৮৪০ হেক্টৰ কৃষি ভূমিৰ ভিতৰত কলিয়াবৰৰ এক বৃহৎ এলেকা সমৰি লোৱা এই আঁচনিখনে কৃষকক কোনো ধৰণৰ সুফল দিব নোৱাৰাৰ বিপৰীতে আঁচনিখন নিৰ্মাণৰ নামত ২৯৮৪০ হেক্টৰ মাটি জলসিঞ্চন বিভাগে অধিগ্ৰহণ কৰি কৃষকৰ মুখৰ ভাতহে কাঢ়ি নিয়া বুলি ভুক্তভোগী কৃষক ৰাইজে অভিযোগ কৰে ।
- Log in to post comments
- 33 views