জামুগুৰিহাটৰ পৰা প্ৰণৱ জ্যোতি ভট্টাচাৰ্য
শাৰদীয় ঋতুৰ আগমনে যেন একপ্ৰকাৰৰ কৰ্মব্যস্ততা বঢ়াইছে অসমৰ প্ৰত্যেক কোণৰ মৃৎশিল্পীসকলৰ ৷ মহালয়াত পৃথিৱীলৈ দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ আগমনে উৎসাহৰ ধল বোৱাইছে ভক্তসকলৰ মাজত ৷
দেবী দুৰ্গাক আদৰিবলৈ সাজু হৈছে অসমবাসী ৷ তেজপুৰতো আটকধুনীয়াকৈ প্ৰত্যেকটো মণ্ডপত দেৱী দুৰ্গাক আদৰিবলৈ সাজু তেজপুৰবাসীৰ লগতে পূজা পৰিচালনা সমিতি ৷ লগতে জামুগুৰিহাটতো ব্যাপক প্ৰস্তুতি চলাইছে জামুগুৰিহাটবাসীয়ে ৷
মৃৎশিল্পীসকলৰো হাতৰ শেষ পৰশত প্ৰাণ পাই উঠিছে দেৱী দুৰ্গাৰ প্ৰতিমাত ৷ জামুগুৰিহাটৰ অতি পুৰণি (৩০ বছৰীয়া) পালশিল্পালয়টো চন্দন পালৰ তত্ত্বাৱধানত কৰ্মব্যস্ততা বাঢ়িছে মৃৎশিল্পীসকলৰ ৷
- Log in to post comments
- 7 views