বঙাইগাঁও সদৰ আৰক্ষী থানাৰ অৰ্ন্তগত নৰ্থ বইটামাৰীৰ দেৱানগাঁও সূত্ৰধৰপাৰাত স্বামীৰ প্ৰহাৰত পত্নীৰ মৃত্যু হৈছে ।
সম্বাৰু সূত্ৰধৰ নামৰ লোকজনে নিজৰ পত্নী বানাতী সূত্ৰধৰক কেইদিনমান পূৰ্বে পৰপুৰুষৰ সৈতে অসংযত অৱস্থাত প্ৰত্যক্ষ কৰি অগ্নিশৰ্মা হৈ দুৱাৰ বন্ধ কৰি মহিলাগৰাকীক বান্ধি বেয়াকৈ মাৰপিট কৰাৰ লগতে ভৰিৰে গচকে ।
ফলত মহিলাগৰাকীৰ অৱস্থা সংকটজনক হৈ পৰে । মৃত্যুৰ সৈতে যুঁজি শুকুৰবাৰে মহিলাগৰাকীৰ দুপৰীয়া মৃত্যু হয় ।
- Log in to post comments
- 163 views