ডবকাৰ পৰা জমিৰউদ্দিন তালুকদাৰ
ৰন্ধন গেছ, পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি ডবকাত মহিলা কংগ্ৰেছে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিন্নাকান্দি ব্লক মহিলা কংগ্ৰেছৰ উদ্যোগত সাব্যস্ত কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ প্ৰথমে বিন্নাকান্দি ব্লক মহিলা কংগ্ৰেছে মহিলা কংগ্ৰেছৰ পতাকা উত্তোলন কৰে ৷
তাৰপিছত মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰহিমা বেগমে ৰাহুল গান্ধীয়ে বলৱৎ কৰা মহিলা কংগ্ৰেছৰ শক্তি কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ তাৰপিছতে মহিলাসকলে কে'বাটাও দাবীৰ সমৰ্থনত ডবকাৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে কেইবা শতাধিক মহিলা কংগ্ৰেছৰ কৰ্মীয়ে ডবকা পুলিচ পইন্টত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰি তাৰপৰা সমদল কৰি ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি বিভিন্ন শ্লোগানেৰে পৰিস্থিতি উত্তাল কৰি তোলে ৷
প্ৰতিবাদৰ অন্তত ডবকা ৰাজহ চক্ৰ বিষয়া অনুসূয়া শৰ্মাৰ জৰিয়তে ভাৰতৰ প্ৰধান মন্ত্ৰী কাৰ্যালয়লৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ৷ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰহিমা বেগম, মিনাক্ষী বাগলাৰী, ৰেজিয়া বেগমসহ কেইবা শতাধিক মহিলা উপস্থিত থাকে ৷
- Log in to post comments
- 13 views