নগাঁৱৰ পৰা ৱাহিদুদ জামান
নগাঁও আৰক্ষীৰ এটি অভিযানকাৰী দলে আজি ধনদাবীৰ অভিযোগত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ সভাপতি কাদিৰ আলীক গ্ৰেপ্তাৰ কৰে । আনহাতে, গোলাঘাটৰ আন এটা গোচৰৰ ভিত্তিত ন্যায়িক জিম্মাত থকা আমছু নেতা কাদিৰ আলীক আজি নগাঁও আৰক্ষীয়ে নিজৰ জিম্মাত লয় ।
ম্যানমাৰৰ পৰা ডিমাপুৰ হৈ নগাঁও অভিমুখে অহা গডজিলা কইলভৰ্তি এখন ট্ৰাকৰ পৰা ২০ লাখ টকা দাবী কৰাৰ অভিযোগত অভিযুক্ত আছিল আমছু নেতাগৰাকী । যোৱা ২৮ ছেপ্টেম্বৰত গোলাঘাটৰ এই আমছু নেতাগৰাকীৰ নেতৃত্বত দুখন চাৰিচকীয়া গাড়ীৰে ট্ৰাকখন অনুসৰণ কৰি আহি নগাঁও চহৰৰ সমীপৱৰ্তী মৰিকলং বৰঘাটত আগচি ধৰি ট্ৰাকখনৰ পৰা ২০ লাখ টকা দাবী কৰিছিল ।
আমছুৰ নেতাগৰাকীৰ নেতৃত্বত অহা দলটোৱে প্ৰথমতে নিজকে বিক্ৰী কৰ বিভাগৰ বিষয়া বুলি পৰিচয় দি ট্ৰাকখনৰ চালকৰ পৰা ২০ লাখ টকা দাবী কৰিছিল । গডজিলাভৰ্তি এ এছ-০৯ এ চি-০৪৩৪ নম্বৰৰ চালকৰ লগত দৰদাম নিমিলাত আমছু নেতাগৰাকীয়ে সেইদিনা নগাঁও আৰক্ষীক ট্ৰাকখনত ম্যানমাৰৰ পৰা অবৈধভাৱে গডজিলা সৰবৰাহ কৰিছে বুলি খবৰ দিয়ে ।
এই খবৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে লগে লগে অভিযান চলাই ট্ৰাকখন জব্দ কৰি সামগ্ৰীখিনি শুল্ক বিভাগক চমজাই দিছিল । অৱশ্যে আৰক্ষী ঘটনাস্হলীত আহি পোৱাৰ আগতেই সেই স্হানৰ পৰা পলায়ন কৰে কাদিৰ আলী আৰু দলটো ।
ঘটনা সন্দৰ্ভত ট্ৰাকখনৰ চালকে আমছু নেতাজনে ব্যৱহাৰ কৰা এ এছ-০৫ এফ-০১১০ নম্বৰৰ ইন'ভা গাড়ীখনৰ তথ্য নগাঁও আৰক্ষীক অৱগত কৰে । ইয়াৰ ভিত্তিতে নগাঁৱৰ বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ প্ৰতিম মহন্তই অনুসন্ধান চলাই নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আজি গোলাঘাটৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা কাদিৰ আলীক গ্ৰেপ্তাৰ কৰি নগাঁৱলৈ আনে ।
এই সন্দৰ্ভত নগাঁও সদৰ থানাত ৩৩০১/১৮ নম্বৰত এটা গোচৰ ৰুজু হৈছে । আজি নগাঁও আৰক্ষীয়ে কাদিৰ আলীক নগাঁও আদালতত হাজিৰ কৰাই চাৰি দিনৰ আৰক্ষীৰ জিম্মাত লয় ।
অৱশ্যে কাদিৰ আলীক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও আনকেইজনক এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । স্মতৰ্ব্য যে আন এক ধনদাবীৰ ঘটনা সন্দৰ্ভত গোলাঘাট জিলাৰ উলিয়ামঘাট আৰক্ষী থানাৰ ৭৮/১৮ নম্বৰৰ গোচৰৰ ভিত্তিতো কাদিৰ আলী গ্ৰেপ্তাৰ হৈ ইতিমধ্যে জে'লত আছিল ।
- Log in to post comments
- 10 views