বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম
ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী থানাৰ অন্তৰ্গত বেলতলি গাঁৱৰ নবেদ আলীৰ বোৱাৰীৰ ৰহস্যজনক মৃত্যুত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে । জানিব পৰা মতে, বৃহস্পতিবাৰে ৰাতি আনুমানিক ২ বজাত নবেদ আলীৰ পুত্র ৰফিকুল ইছলামৰ পত্নী ৰেছমিনা বেগমে (২৪) চিপ লৈ মৃত্যুবৰণ কৰা বুলি ৰফিকুল ইছলামে শিবেৰ ডাৱৰী (ইছলামপুৰ)ৰ শহুৰৰ ঘৰত ফোনযোগে খবৰ দিয়ে ।
ৰেছমিনাৰ মৃত্যুৰ খবৰ পাই পিতৃগৃহৰ পৰিয়ালৰ লোকে লৰালৰিকৈ আহি ৰেছমিনাৰ স্বামীৰ গৃহত উপস্থিত হৈ মৃতদেহ শুই থকা অৱস্থাত প্ৰত্যক্ষ কৰে । চিপ লৈ মৃত্যুবৰণ কৰা ৰেছমিনাক শুই থকা দেখা পাই পৰিয়ালৰ লোকে পৰিকল্পিত হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰে ।
আনহাতে, ৰফিকুলৰ ডাঙৰ ছোৱালীজনীয়ে এই সম্পৰ্কে সোধাত মাকক বাপেক আৰু ককাক-আইতাকে ডেঙিচেপি হত্যা কৰা বুলি জানিবলৈ দিয়ে । ইফালে ঘটনাৰ খবৰ পাই বিলাসীপাৰা আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্হলীত উপস্থিত হৈ ৰেছমিনাৰ স্বামী, শহুৰক কৰায়ত্ত কৰি মৃতদেহসহ থানালৈ নিয়ে ।
আনহাতে, ঘটনা সন্দৰ্ভত আজি পুৱা ১০.৩০ বজাত ৰেছমিনাৰ পৰিয়ালৰ হৈ জহৰ আলীয়ে ৰফিকুল ইছলাম তথা মাক-বাপেকৰ নামত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ।
উল্লেখ্য যে এনে কাণ্ডক বিলাসীপাৰা জিলা আমছু, এন এছ ইউ আয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অনতিপলমে উক্ত ঘটনাৰ সঠিক তদন্ত কৰি দোষীক কঠোৰ শাস্তিৰ দাবী জনায় ।
- Log in to post comments
- 7 views