লাহৰিঘাটৰ পৰা শ্বামিমুল ইছলাম
নগাঁও জিলাৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ দুগৰাকী সহকাৰী অধ্যাপক ডঃ অজিত ভৰালী আৰু ডঃ জলিন প্ৰকাশ চেতিয়াই গৱেষণামূলক অধ্যয়নৰ বাবে মহাবিদ্যালয়খনৰ কেইবাগৰাকী প্ৰাক্তন আৰু অধ্যয়নৰত ছাত্র আৰু টে'ট শিক্ষকৰ সহযোগত মৰিগাঁও জিলাৰ লাহৰীঘাটৰ পৰা যন্ত্ৰচালিত নাৱেৰে গৈ উপস্থিত হয় দৰং জিলাৰ এখন বিশেষ চৰ খেৰণি চাপৰিত ।
চৰত উপস্থিত হৈ অধ্যাপক দুগৰাকীয়ে আধুনিক যুগৰ ব্যস্ততাময় কোলাহলযুক্ত পৰিৱেশৰ পৰিৱৰ্তে চাপৰিৰ নিৰৱ-নিস্তব্ধ বিভিন্ন ফলে-ফুলে ভৰা খেতিপথাৰ, সেউজীয়া প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি অভিভূত হৈ পৰে ৷
ইয়াৰ পিছত বিভিন্ন ধৰণৰ শাক-পাচলি খেতিৰ যোগেদি অসমৰ অৰ্থনৈতিক উন্নয়নত বিশেষ অৰিহণা যোগোৱা চাপৰি অঞ্চলৰ চহা খেতিয়কৰ সৈতে মত বিনিময় কৰি চৰ-চাপৰি অঞ্চলৰ মানুহে সন্মুখীন হোৱা বিভিন্ন সমস্যাসমূহ অধ্যাপক দুগৰাকীয়ে গৱেষণাৰ সমল হিচাপে সংগ্ৰহ কৰে ।
- Log in to post comments
- 7 views